ETV Bharat / city

অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ শ্বহীদ পাইলটক সেনাৰ শেষ শ্ৰদ্ধা

author img

By

Published : Oct 6, 2022, 9:40 PM IST

টাৱাং জিলাত কৰ্তব্যৰত অৱস্থাত হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হোৱা লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱক টাৱাঙত সামৰিক সন্মানেৰে শেষ শ্ৰদ্ধা নিবেদন (Pilot killed as army helicopter crashes) ৷ সন্মান প্ৰদৰ্শনৰ পাছতে বিশেষ সামৰিক বিমানেৰে দিল্লীলৈ প্ৰেৰণ সৌৰভ যাদৱৰ নশ্বৰদেহ ।

Tribute to the Pilot killed in army helicopter crashes in Arunachal
অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ নিহত পাইলটক সেনাৰ শেষ শ্ৰদ্ধা

তেজপুৰ, ৬ অক্টোবৰ: অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত চীন সীমান্তৰ ফৰৱাৰ্ড এলেকাত ৫ অক্টোবৰত কৰ্তব্যৰত অৱস্থাত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ আহুতি দিয়া লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱক বৃহস্পতিবাৰে টাৱাঙত সামৰিক সন্মানেৰে শ্ৰদ্ধা নিবেদন কৰা হয় (Indian Army helicopter crashed in Arunachal) । লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱে দেশৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানক সোঁৱৰণ কৰি তেওঁৰ নশ্বৰদেহত সেনাৰ শীৰ্ষ বিষয়া তথা সহকৰ্মীসকলে মাল্যাপৰ্ণেৰে শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পাছত বিশেষ সামৰিক বিমানেৰে তেওঁৰ নশ্বৰদেহ দিল্লীলৈ প্ৰেৰণ কৰা হয় ।

আনহাতে এই দুৰ্ঘটনাত আহত আনজন পাইলটক বুধবাৰে সেনাৰ ১৫১ নং বেচ হাস্পতালৰ পৰা গুৱাহাটীলৈ বিমানেৰে প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি বিষয়াজনৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই । সেনাৰ চিতা হেলিকপ্টাৰখনে দৈনন্দিন উৰণৰ এক অংশ হিচাপে বুধবাৰে সেনাৰ লুম্ফু বেছৰ পৰা উৰা মাৰিছিল (Indian Army cheetah helicopter crashed) ।

উৰণৰ কিছু সময় পাছতেই ন্যামগ্যাঙচু নদীৰ সংযোগী দলঙৰ (BTK) কাষত এজোপা গছত খুন্দা মাৰি কাষৰ শিলাময় স্থানত পৰে (Indian Army helicopter crashed) । পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সদৰৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত্বত এই ঘটনা সংঘটিত হৈছিল(Army aviation helicopter crash) ৷ সেনাৰ এটা দলে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই দুয়োকে খিৰমুৰ সেনাৰ বেচ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । কিন্তু চিকিৎসালয়ত লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ মৃত্যু হয়(Army chopper crashes in Arunachal) ৷

লগতে পঢ়ক: অৰুণাচলত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত এজন পাইলট নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.