তেজপুৰ, 13 জুলাই : গব্বৰ ইজ বেক ! বলীউডৰ ষ্টাইলত তেজপুৰ টাইমছ হাস্পতালত সংঘটিত হ'ল আজৱ ঘটনা (Tezpur Times Hospital scam) ৷ হাস্পতালখনত ধনৰ লোভত এগৰাকী মৃত ৰোগীক চিকিৎসা কৰি থকা ঘটনা পোহৰলৈ আহিছে ৷
ঘটনা অনুসৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ থকা 60 বছৰীয়া মহিলা এগৰাকীক যোৱা 11 জুলাইত পুৱা তেজপুৰৰ টাইমছ হাস্পতালত ডাঃ ভৱানী ভূঞাৰ তত্বাৱধানত আই চি ইউত ভৰ্তি কৰা হৈছিল ৷ তাৰ পিছৰে পৰা মহিলাগৰাকীৰ পৰিয়ালে প্ৰতিদিনে চিকিৎসকলৰ নিৰ্দেশনা অনুসৰি ঔষধৰ যোগান ধৰিছিল ৷ চিকিৎসকলে 12 তাৰিখলৈকে ৰোগী সুস্থ আছে বুলি পৰিয়ালৰ লোকক আশ্বাস দি আছিল ৷ ইয়াৰ পিছতে আজি অৰ্থাৎ বুধবাৰে পুৱা 10 বজাত হাস্পতাল কৰ্তৃপক্ষই ৰোগীৰ পৰিয়ালক হাস্পতালৰ আদায় দিবলৈ থকা মাচুল জমা কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ লগে লগে পৰিয়ালৰ লোকে পুৱা 10 বজাত হাস্পতাল কৰ্তৃপক্ষক প্ৰায় 1 লাখ 20 হাজাৰ টকা জমা দিয়ে ৷
পৰৱৰ্তী সময়ত আজি পুৱা হাস্পতাল কৰ্তৃপক্ষই ৰোগীগৰাকীক অন্য এখন হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিবলৈ দিয়ে ৷ তেওঁলোকে ৰোগীৰ পৰিয়ালক হাস্পতালখনৰ বাহিৰত ৰ'বলৈ কৈ ৰোগীগৰাকীক হাস্পতালৰ গ্ৰাউণ্ড ফ্ল'ৰলৈ পঠিয়াই দিম বুলি কৈ পঠায় ৷ কিন্তু ডেৰ ঘণ্টা ধৰি ৰোগীক পঠিয়াই নিদিয়াত চিন্তিত হৈ পৰে ৰোগীৰ পৰিয়ালৰ লোক ৷ তেওঁলোক পুনৰ ওপৰলৈ আহি হাস্পতাল কৰ্তৃপক্ষক সোধ-পোছ কৰাত তেওঁলোকে ৰোগীগৰাকীৰ মৃ্ত্যু হৈছে বুলি ঘোষণা কৰে ৷
পৰিয়ালৰ লোকে ৰোগীগৰাকীৰ বুকুত হেঁচা মৰাৰ লগে লগেই তেওঁৰ মুখেদি ৰক্তক্ষৰণ হোৱাত ওলাই পৰে নিকৃষ্ট সত্য ৷ লগে লগে মৃত্যু হোৱা লোকৰ মুখেৰে এনেদৰে তেজ নোলাই বুলি কৈ হাস্পতালখনত হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে ৰোগীৰ পৰিয়ালে ৷ পৰিয়ালৰ লোকে ৰোগীগৰাকী কালি দিনৰ ভাগত অথবা নিশা মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰি হাস্পতাল কৰ্তৃপক্ষৰ লগত বাক-বিতণ্ডাত লিপ্ত হয় ৷
ক্ষোভিত ৰোগীৰ পৰিয়ালে সংবাদমাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে হাস্পতাল কৰ্তৃপক্ষই মৃত্যুৰ পিছতে ৰোগীৰ নামত আমাৰ পৰা 70 হাজাৰ টকাৰ ঔষধ লৈছে ৷ ধনৰ লোভত হাস্পতালখনে মৃত লোককো চিকিৎসা কৰি এনেদৰেই এচাম লোকক লুণ্ঠন কৰি আহিছে ৷
উল্লেখযোগ্য যে তেজপুৰ চহৰৰ এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ মৈমতালিৰ বাবে এতিয়া সাধাৰণ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এতিয়া এই চিকিৎসালয় তথা চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া কি পদক্ষেপ লোৱা হ'ব সেইয়া হৈছে লক্ষণীয় ৷
লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ত এডাল প্ৰকাণ্ড অজগৰ