ETV Bharat / city

সাৱধান ! অসমত আৰম্ভ হৈছে সাংস্কৃতিক জেহাদ - তেজপুৰ বিজেপি মহিলা মৰ্চা

শেহতীয়াকৈ চৰ্চালৈ আহিছে বিতৰ্কিত মিঞা সংগ্ৰহালয় ৷ বিধায়ক শ্বেৰমান আলিৰ এক স্বীকাৰোক্তিৰ পিচতেই এই সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এনে অৱস্থাত তেজপুৰত বিধায়কগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে সাংস্কৃতিক জেহাদৰ দৰে গুৰুতৰ অভিযোগ ৷

শ্বেৰমান আলিৰ নেতৃত্বত অসমত চলিছে সাংস্কৃতিক জেহাদ

author img

By

Published : Oct 30, 2020, 1:52 PM IST

তেজপুৰ, 30 অক্টোবৰ : শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মহিলা মৰ্চা আৰু যুৱ মৰ্চাই কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ যুৱ মৰ্চা আৰু মহিলা মৰ্চাই তেজপুৰ ৰাজপথত কংগ্ৰেছ মূর্দাবাদ,শ্বেৰমান আলি মূর্দাবাদ শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ

বিজেপিৰ কৰ্মকৰ্তাই বিধায়ক শ্বেৰমান আলিৰ পুত্তলিকা ৰাজপথত চোচৰাই তেজপুৰ বৰগোলা চাৰিআলিত সমদল কৰি বন্দে মাতৰম,শ্বেৰমান আলিৰ মিঞা মিউজিয়াম দাবী নচলিব আদিৰে পুত্তলিকা দাহ কৰে ৷ যুৱ মৰ্চাৰ সম্পাদক অমিতাভ শইকীয়াই কয় যে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলিৰ দাবী অসমত নচলিব ৷ এইটো এটা সংস্কৃতিক জেহাদ আৰম্ভ কৰিছে আৰু বিজেপি অসমত থকা লৈকে এইতো কেতিয়াও হব নিদিওঁ ৷

অসমত আৰম্ভ হৈছে সাংস্কৃতিক জেহাদ

উল্লেখ্য যে, শংকৰদেৱ কলাক্ষেত্ৰত চৰ-চাপৰিৰ ইছলামধৰ্মী লোকসকলৰ সংস্কৃতিৰ নামত মিঞা সংগ্ৰহায়ল স্থাপনক লৈ শেহতীয়াকৈ বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলিৰ লগতে অগপ বিধায়ক পদ্ম হাজৰিকা ৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সংসদীয় কমিটীৰ বিজেপিকে ধৰি অগপ আৰু কংগ্ৰেছৰ বিধায়কো আছে আৰু কমিটীয়ে ইতিমধ্যে এই সংগ্ৰহালয় স্থাপনত অনুমতি প্ৰদান কৰিছে ৷ কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইটা সংগঠনে কেতিয়াও এই সংগ্ৰহালয় স্থাপন হ'ব দিয়া নহয় বুলি ইয়াৰ বিৰোধিতা কৰিছে ৷

লগতে পঢ়ক : জাতিৰ বৰঘৰত হাত দিয়াৰ সাহস কৰিছে শ্বেৰমানহতে : পদ্ম হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.