ETV Bharat / city

Sudden death of student: মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহি ছাত্ৰৰ আকস্মিক মৃত্যু

এক কৰুণ হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে তেজপুৰৰ ঐতিহাসিক দৰং মহাবিদ্যালয়ত ৷ নামভৰ্তিৰ বাবে শাৰী পাতি থকা অৱস্থাতে অকস্মাৎ মৃত্যু এজন ছাত্ৰৰ(Sudden death of student coming to college to enroll) । স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে আহিছিল ছাত্ৰজন ৷

Sudden death of student coming to college to enroll
মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহি ছাত্ৰৰ আকস্মিক মৃত্যু
author img

By

Published : Jul 13, 2022, 9:33 PM IST

তেজপুৰ, ১৩ জুলাই: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতাৰ ভিত্তিত নিজৰ নাম সন্নিবিষ্ট হোৱা প্ৰ-পত্ৰ দাখিল আৰু নামভৰ্তিৰ বাবে বুধবাৰে তেজপুৰৰ ঐতিহাসিক দৰং মহাবিদ্যালয়(Darang College, Tezpur)ত ভিৰ কৰিছিল ৷ মহাবিদ্যালয়খনত নামভৰ্তিৰ বাবে পুৱাৰ পৰা প্ৰখৰ ৰ'দকো নেওচি একত্ৰিত হৈছিল প্ৰায় ২ হাজাৰ ছাত্ৰ-ছাত্ৰী ৷ জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলাৰ লগতে নামভৰ্তিক লৈ ছাত্ৰী-ছাত্ৰীসকলৰ মাজত দেখা গৈছিল এক উৎকন্ঠাময় পৰিবেশ ৷ কিন্তু ইয়াৰ মাজতেই হঠাতে সংঘটিত হয় এক অঘটন ৷

Sudden death of student coming to college to enroll
মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহি ছাত্ৰৰ আকস্মিক মৃত্যু

মহাবিদ্যালয়খনৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে শাৰী পাতি থকা অৱস্থাত হঠাতে ঢলি পৰে এজন ছাত্ৰ ৷ তেওঁক ততাতৈয়াকৈ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেজপুৰ ব্যপ্তিষ্ট খ্ৰীষ্টান মিছনেৰী হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিন্তু মিছনেৰী হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয় ছাত্ৰজনৰ ৷ মৃত ছাত্ৰজন তেজপুৰৰ কলিবাৰীৰ নিবাসী গোলাপ বৰাৰ পুত্ৰ ভাৰ্গৱ জ্যোতি বৰা(19) বুলি জানিব পৰা হৈছে(Sudden death of student coming to college to enroll) ৷

ছাত্ৰগৰাকীৰ পিতৃ অসম আৰক্ষীত কৰ্মৰত এগৰাকী জোৱান(Assam Police Jawan) । প্ৰখৰ ৰ’দৰ বাবেই ছাত্ৰজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । মহাবিদ্যালয়খনত নামভৰ্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলে অত্যন্ত গৰমত মহাবিদ্যালয়খনৰ মূলদ্বাৰৰ পৰা প্ৰেক্ষাগৃহলৈ লানি নিছিগা ভিৰৰ মাজত থিয় হৈ থাকিবলগীয়া হৈছিল । আনহাতে মহাবিদ্যালয় কৰ্তৃপক্ষই এদিনত কিমান ছাত্ৰ-ছাত্ৰীৰ প্ৰ-পত্ৰ গ্ৰহণ আৰু নামভৰ্তি কৰোৱা হ’ব তাৰ কোনো আগতীয়া জাননী জাৰি কৰা নাছিল ।

লগতে পঢ়ক : Barshashree in Jail: এটা কবিতাই বৰষাশ্ৰীক উপহাৰ দিলে কাৰাগাৰৰ অন্ধকাৰ কুঠৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.