তেজপুৰ, 20 আগষ্ট : পুৱাই তেজপুৰত অঘটন ৷ শনিবাৰে পুৱা প্ৰায় 6:15 বজাত তেজপুৰ সদৰ থানাৰ অন্তৰ্গত শলমৰাৰ সেনাৰ এলেকাৰ পৰা নিৰুদ্দেশ হয় এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ (Student goes missing in Tezpur) ৷ নিৰুদ্দিষ্ট ছাত্ৰজনৰ কটকাৰ দিলীপ ভিমাৰ পুত্ৰ কটকাৰ অভিনাশ দিলীপ বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, নিৰুদ্দিষ্ট ছাত্ৰজনে পুৱাৰ ভাগত চাইকেল চলাই শলমৰা PVC গেট লৈ বুলি ওলাই আহিছিল ৷ তাৰ পাচৰ পৰাই সন্ধানহীন হৈ পৰিছে ছাত্ৰগৰাকী ৷ বহু সময়লৈকে ছাত্ৰগৰাকীৰ কোনো শুং-সূত্ৰ লাভ নকৰি পৰিয়ালৰ লোকে কাষ চাপে তেজপুৰ আৰক্ষীৰ ৷
আনকি ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষী চকীত দাখিল কৰা হৈছে এক এজাহাৰ (Family lodge a FIR of missing student) ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে এক গোচৰ ৰুজো কৰি আৰম্ভ কৰিছে ছাত্ৰজনৰ সন্ধান ৷ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে ৷
উল্লেখ্য যে, নিৰুদ্দিষ্ট ছাত্ৰগৰাকীয়ে চাইকেলেৰে ওলাই অহাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে PVC গেটৰ CC TV ত ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষী কিম্বা পৰিয়ালৰ লোকে অভিনাশ দিলীপৰ কোনো খবৰে লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ নিৰুদ্দিষ্ট ছাত্ৰগৰাকীৰ সন্ধান পালে 9085136343 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।
লগতে পঢ়ক : অৱশেষত প্ৰায় 3 মাহৰ অন্তত জেলৰ পৰা মুকলি হ’ল বিতুপন চাংমাই