ETV Bharat / city

The COVID-19 Crisis: ক’ৰণাৰ বাবে স্থগিত ৰাজ্যিক লোক আদালত

author img

By

Published : Jan 20, 2022, 5:16 PM IST

ক’ৰণাৰ প্ৰকোপ সমগ্ৰ ৰাজ্যতে বৃদ্ধি পোৱাৰ লগতে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষই অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক লোক আদালত স্থগিত ৰখাৰ বাবে দিছে নিৰ্দেশনা (State Lok Adalat adjourned due to covid situation in Sonitpur) ৷

corona
ক’ৰণাৰ বাবে স্থগিত ৰাজ্যিক লোক আদালত

তেজপুৰ, ১৯ জানুৱাৰী: অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষই অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক লোক আদালত স্থগিত ৰখাৰ বাবে দিছে নিৰ্দেশনা ৷ বুধবাৰে এই সন্দৰ্ভত প্ৰকাশিত এক বিজ্ঞপ্তিত বিষয়া, মোকৰ্দমাকাৰী আৰু সংশ্লিষ্ট সকলোৰে স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে লোক আদালত স্থগিত ৰখা হৈছে বুলি উল্লেখ কৰিছে জিলা আৰু সত্ৰ ন্যায়াধীশ তথা শোণিতপুৰ জিলা আইনী সেৱা প্ৰাধিকৰণৰ অধ্যক্ষই (State Lok Adalat adjourned due to covid situation in Sonitpur)৷

ইপিনে বুধবাৰৰ দিনটোত শোণিতপুৰত মুঠ ২৮০ গৰাকী ব্যক্তি নতুনকৈ ক’ৰণাত আক্ৰান্ত হৈছে ৷ জিলাখনত ক’ৰণাত আক্ৰান্তৰ হাৰ ১৮.৩৪ শতাংশ বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে (covid cases increase in Sonitpur district) ৷ উল্লেখযোগ্য যে,ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে জিলাখনৰ একাধিক চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ একাংশ চিকিৎসক, ছাত্ৰ তথা স্বাস্থ্যকৰ্মীও ক’ৰণাত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে, এইবাৰ আকস্মিক ভাবে পূৰ্বৰ তুলনাত ক’ৰণাৰ ঢৌ আগতীয়াকৈ বিয়পি পৰাত দেশ তথা ৰাজ্যত এই বিষয় লৈ পুণৰ শংকিত হৈছে সৰ্বসাধাৰণ ৷

অন্যহাতে বিগত এসপ্তাহত ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো শীতৰ মাত্ৰা বৃদ্ধি পোৱাত চৰ্দি-জ্বৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ এই সময়চোৱাত জিলাখনত সন্ধিয়াৰ তাপমাত্ৰা ১৭ ডিগ্ৰী ছেলছিয়াছলৈ অৱনমিত হোৱাৰ বিপৰীতে পুৱা এই মাত্ৰা ১০ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হ্ৰাস পায় ৷ এনে অৱস্থাত চৰ্দি-জ্বৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও তুলনামূলক ভাবে বৃদ্ধি পোৱাৰ উপৰি বদহজম তথা বায়ুৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷

সম্প্ৰতি ক’ৰণাত আক্ৰান্ত হোৱা চিকিৎসাধীন সকলক পাঁচদিনৰ চিকিৎসাৰ পাছত তেওঁলোকৰ শাৰিৰীক অৱস্থা উন্নত হ’লেই চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ উল্লেখযোগ্য যে,শোণিতপুৰত বৰ্তমান ক’ৰণাত আক্ৰান্তৰ সংখ্যা কিছু বৃদ্ধি পালেও এইপৰ্যন্ত অ’মিক্ৰণত কোনো লোকেই আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহা নাই আৰু এই পৰীক্ষাও অধিক মাত্ৰাত কৰা হোৱা নাই ৷

লগতে পঢ়ক: Coronavirus: ক'ভিডমুক্ত হ'ল আই পি এচ আনন্দ মিশ্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.