তেজপুৰ, ১৬ মে': অবিভক্ত দৰং জিলাৰ এগৰাকী প্ৰসিদ্ধ ভলীবল খেলুৱৈ তথা ৰাজ্যিক ক্ৰীড়া পেঞ্চন প্ৰাপক তেজপুৰ লালমাটিৰ দেৱপ্ৰসাদ নাথৰ দেওবাৰে দুপৰীয়া ১:১০ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ ৬০ আৰু ৭০ দশকত ৰাজ্যিক ভলীবল দলক প্ৰতিনিধিত্ব কৰা দেৱপ্ৰসাদ নাথে ৰঙাপৰাৰ সমীপৱৰ্ত্তী ফুলবাৰী চাহ বাগিচাত চাকৰি কৰিছিল ৷
অবিভক্ত দৰং জিলাৰ ১৯৬৯ চনত গঠন হোৱা প্ৰথম জিলা জুনিয়ৰ ভলীবল দলৰ প্ৰশিক্ষক প্ৰয়াত নাথৰ মৃত্যুত তেজপুৰ জিলা ক্ৰীড়া সন্থাই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷
লগতে পঢ়ক : গুৱাহাটীত ক'ভিডৰ দ্বিতীয় ঢৌ'ত ৩৫২ গৰাকীৰ মৃত্যু