ETV Bharat / city

কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি 40 ফুট তলত পৰিল টেংকাৰ

author img

By

Published : Oct 28, 2020, 10:07 AM IST

ভোমোৰাগুৰিত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰৰ বুকুত পৰে এখন অইলৰ টেংকাৰ ৷ 40 ফুট তলত পৰাৰ ফলত থিতাতে নিহত হয় গাড়ীৰ চালকজন ৷

কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি 40 ফুট তলত পৰিল টেংকাৰ
কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি 40 ফুট তলত পৰিল টেংকাৰ

তেজপুৰ, 28 অক্টোবৰ : তেজপুৰৰ ভোমোৰাগুৰিত পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি প্ৰায় ৪০ ফুট তলত পৰে এখন তেল পৰিবাহী টেংকাৰ । তেজপুৰৰ পৰা নগাওঁ দিশত গৈ থকা অইলৰ টেংকাৰখন দলঙৰ ৰেলিং ভাঙি নদীত বাগৰি পৰে । দুৰ্ঘটনাৰ ফলত চালকজন থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাতো পুৱতি নিশা সংঘটিত হোৱা বুলি আৰক্ষীয়ে অনুমান কৰা হৈছে যদিও দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : নিশা হ'লেই অন্ধকাৰত ডুব যায় কলিয়াভোমোৰা দলং

উল্লেখযোগ্য যে, 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ এটা মূৰতো নিশাৰ ভাগত নিয়ন লাইট নথকাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি কৈছে একাংশই । পূৰ্বে ইটিভি ভাৰতত দলংখনত পোহৰৰ ব্যৱস্থা নথকা আৰু ইয়াৰ ফলত সম্ভাব্য দুৰ্ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰা হৈছিল ৷ ইফালে শোণিতপুৰ জিলাৰ উপায়ুক্তই ৰাষ্ট্ৰীয় ঘাইপথ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ পোহৰৰ সংযোগ নহ'ল । তাৰোপৰি দলঙৰ মাজত নাথাকে কোনো তহলদাৰী আৰক্ষীৰ দল ৷

লগতে পঢ়ক : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ কলিয়াভোমোৰাত পোহৰ যোগানৰ নিৰ্দেশ উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.