তেজপুৰ, ২৭ মে': ‘‘অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম পুনৰীক্ষণ কৰাটো প্ৰয়োজনীয় ৷ কাৰণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ উন্নীতকৰণ প্ৰক্ৰিয়াত ৰৈ গৈছে বহুতো আসোঁৱাহ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই আসোঁৱাহ সমূহ নিষ্পত্তি কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।’’ তেজপুৰত উপস্থিত হৈ এন আৰ চি সন্দৰ্ভত এই মন্তব্য আগবঢ়াই মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta on NRC) ৷
তেওঁ কয় যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আসোঁৱাহ দূৰ হ’বই লাগিব (Admonition in NRC)৷ চৰকাৰ পূৰ্বৰ স্থিতিত অটল আছে । এন আৰ চিৰ পূৰ্বৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বহু লোকে গোচৰ তৰিছে (Case against Pratik Hajela) আৰু ন্যায়ালয়ে হাজেলাৰ বিষয়টোত যি ৰায় বা শাস্তি দিয়ে সেয়াই মানি লোৱা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । এন আৰ চিৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে আৰু এই প্ৰসংগত তেওঁ লোৱা ব্যৱস্থা সম্পৰ্কত ইতিমধ্যে অৱগত কৰিছে বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
উল্লেখ্য যে, জালিয়াতি আৰু অনিয়মেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীত কৰাৰ অভিযোগ তুলি এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বৰ্তমানৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত শুকুৰবাৰে এক গোচৰ তৰিছে (NRC state coordinator Hitesh Dev Sharma file case against Pratik Hajela) ।
এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেই সময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰিছে । অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ১২০(বি), ১৬৬(এ), ১৬৭, ১৮১,২১৮,৪২০,৪৬৬ আৰু R W 34 ধাৰাত গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক : প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ