ETV Bharat / city

তেজপুৰত নৃশংস ভাৱে হত্যা এগৰাকী কন্যা শিশুক - 12 Years Child Girl Murder

নৃশংস হত্যাকাণ্ডৰ ঘটনাত উত্তপ্ত তেজপুৰ ৷ ক্ষুব্ধ ৰাইজে পথ অৱৰোধ কৰি দোষীক শাস্তি প্ৰদানৰ প্ৰতিবাদ ।

তেজপুৰত নৃশংস ভাৱে হত্যা এগৰাকী কন্যা শিশুক

author img

By

Published : Sep 3, 2020, 10:08 PM IST

তেজপুৰ, 3 ছেপ্টেম্বৰ : শোণিতপুৰ জিলাৰ তেজপুৰ বৰঘাট ঝাৰণিত নৃশংসভাৱে হত্যা কৰা হয় এগৰাকী কন্যা শিশুক ৷ অবৈধ প্ৰেমৰ বলি হোৱাৰ সন্দেহ এটি নিষ্পাপ শিশু ৷

উল্লেখ্য যে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ঝাৰণিৰ প্ৰয়াত দিচেন ধানোৱাৰৰ পত্নী ৰাহিলা ধানোৱাৰৰ অবৈধ সম্পৰ্ক আছিল জাহিৰ আলী নামৰ এজন যুৱকৰ সৈতে ৷ কিন্তু জাহিৰ আৰু কন্যাৰ মাতৃৰ বাবে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছিল 12 বছৰীয়া কন্যাগৰাকী ৷ যাৰ বাবে সুযোগ বুজি শুই থকা অৱস্থাতে মাতৃৰ উপস্থিতিত কন্যাগৰাকী জাহিৰে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ এই ঘটনাৰ পাচতেই অঞ্চলটোত হুৱাদুৱা লাগে আৰু ৰাইজে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় ৷

নৃশংস হত্যাকাণ্ডৰ ঘটনাক লৈ উত্তপ্ত তেজপুৰ

আৰক্ষীয়ে ইতিমধ্যে কন্যা শিশুৰ মাতৃ ৰাহিলা ধানোৱাৰক আটক কৰিছে যদিও হত্যাকাণ্ডৰ মূল অভিযুক্ত জাহিৰ আলী বৰ্তমানেও পলাতক ৷ ৰাইজে বৰঘাটত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যেতিয়ালৈকে অভিযুক্ত হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়ালৈকে পথ অৱৰোধ কাৰ্যসূচী বৰ্তি থাকিব বুলি সকীয়াই দিয়ে ৷

লগতে চাওক-ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.