তেজপুৰ, ২৮ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই আজি অৰ্থাৎ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলী মুকলি কৰে এক সৰ্বাংগীন প্ৰসাৰিত কৰ্কট পৰিসেৱা নেটৱৰ্ক(Modi launched South Asia’s largest cancer care network) ৷ বিয়লি ৩.৩৭ বজাত কৰ্কট পৰিসেৱা নেটৱৰ্কটো মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Modi launched 7 cancer hospitals in Assam) কয় যে "মই আশা কৰোঁ অসমৰ কোনো লোকে যাতে এই চিকিৎসালয় আহিব লগা নহয় ৷ চিকিৎসালয়খন যাতে সদায় খালি হৈ পৰি থাকক, কিন্ত যদিওবা কোনো আহিবলগীয়া হয়, তেতিয়া আমাৰ চৰকাৰে সাজু কৰি ৰাখিছে উন্নতমানৰ সা-সঁজুলিৰে প্ৰস্তুত চিকিৎসালয়খন ।
![Modi launches South Asia's largest cancer care network](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28april-02-pix-cancercareopen-pranabkumardas-7203907_28042022162941_2804f_1651143581_92.jpg)
আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনে(Assam Cancer Care Foundation) গ্ৰহণ কৰা এই উদ্যোগ দক্ষিণ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ একক কৰ্কট ৰোগজনিত সেৱা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ'ব । ইয়াৰ অধীনত মুঠ ১৭ খন চিকিৎসালয় নির্মাণ কৰিবলৈ লোৱা হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰাংগনৰ পৰা ডিব্ৰুগড় কৰ্কট কেন্দ্ৰৰ লগতে আন ৬ খন জিলা ক্ৰমে বৰপেটা, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ, লখিমপুৰত স্থাপন কৰা কৰ্কট কেন্দ্ৰসমূহ উদ্বোধন কৰে ৷
প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰাই আন ৭ খন জিলা ক্ৰমে গোৱালপাৰা, ধুবুৰী, নগাঁও, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া আৰু নলবাৰীত কৰ্কট সেৱা কেন্দ্ৰৰ আধাৰশিলা প্ৰতীকীভাৱে স্থাপন কৰে । সমগ্ৰ অসমজুৰি অত্যাধুনিক কৰ্কট সেৱাৰ সা-সুবিধা সম্পন্ন এই চিকিৎসালয়সমূহ স্থাপন কৰা হৈছে যাতে এজন ৰোগীয়ে কৰ্কট ৰোগৰ চিকিৎসা সেৱা লাভ কৰিবলৈ নিজস্থানৰ পৰা তিনি ঘণ্টাতকৈ অধিক ভ্ৰমণ কৰিবলগীয়া নহয় ।
![Modi launches South Asia's largest cancer care network](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28april-02-pix-cancercareopen-pranabkumardas-7203907_28042022162941_2804f_1651143581_561.jpg)
ডিব্ৰুগড়ৰ পৰা প্ৰায় ৩১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত তেজপুৰৰ তুমুকিত স্থাপন কৰা L3 তেজপুৰ কৰ্কট সেৱা কেন্দ্ৰটোও বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে ৷ এই কর্কট সেৱা কেন্দ্ৰটোত কৰ্কট ৰোগীৰ বাবে প্ৰয়োজনীয় ৰেডিয়েছন(Radiation) আৰু কেম’থেৰাপিৰ (Chemotherapy) সুবিধা উপলব্ধ কৰা হ’ব । ইয়াত প্ৰায় সকলো আধুনিক ডায়গনেষ্টিক সঁজুলি যেনে এক্স-ৰে’, মেম’গ্ৰাফী, চিটি স্কেন, এম আৰ আই, ব্ৰংকোস্কোপী ইত্যাদি আছে ৷
![Modi launches South Asia's largest cancer care network](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28april-02-pix-cancercareopen-pranabkumardas-7203907_28042022162941_2804f_1651143581_478.jpg)
ইয়াৰ উপৰি কর্কট সেৱা কেন্দ্ৰটোত তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষাৰ বাবে হিমোটোলজিকেল(Haemotological) আৰু জৈৱ ৰাসায়নিক পৰীক্ষাগাৰৰ(Biochemical laboratory) সুবিধা আছে । কৰ্কট ৰোগীসকলে এতিয়াৰে পৰা ৰেডিয়েছন(Radiation) আৰু কেম’থেৰাপিৰ (Chemotherapy) বাবে শোণিতপুৰৰ পৰা বাহিৰলৈ ভ্ৰমণ কৰিব নালাগিব । ইমান দিনে কৰ্কট সেৱা সুবিধাৰ পৰা বঞ্চিত ৰাজ্যবাসীৰ বাবে আজি এক নতুন অধ্যায়ৰ সূচনা হ’ল ।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বৰচলাৰ বিধায়ক গণেশ লিম্বু, তেজপুৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপাৰা বিধায়ক কৃষ্ণ কমল তাঁতী আৰু কৰ্কট সেৱা কেন্দ্ৰৰ অধ্যক্ষ লেফটেনেন্ট কৰ্ণেল ডাঃ সঞ্জীৱ হাজৰিকা । ভাৰ্চুৱেল অনুষ্ঠান উপস্থিত থাকি মন্ত্ৰী অশোক সিংহলে এই কৰ্কট কেন্দ্ৰটোৱে শোণিতপুৰ জিলাৰ ৰাইজৰ লগতে ওচৰ চুবুৰীয়া আন জিলাৰ সৰ্বসাধাৰণ ৰাইজকো যথেষ্ট সকাহ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক : নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা