ৰঙাপাৰা, ৫ ফেব্ৰুৱাৰীঃ উৰুলিৰ শব্দৰে মুখৰিত হোৱা ৰঙাপাৰাৰ ১নং ৱাৰ্ডৰ শিবমন্দিৰত সম্পন্ন হয় ৪০০খন বিবাহ । শিৱ মন্দিৰৰ পৰাই এইদৰে যুগ্ম জীৱনৰ পাতনি মেলিলে এইসকল দৰা-কইনাই ।
সেৱায়ান আৰু সেৱা ভাৰতী তথা ৰঙাপাৰাবাসী ৰাইজৰ সহযোগত স্থানীয় ১নং ৱাৰ্ডৰ শিৱ মন্দিৰত অনুষ্ঠিত হয় এই সামূহিক বিবাহ অনুষ্ঠান । আৰ্থিকভাৱে দূৰ্বল দৰা কইনাই হিন্দু ৰীতি অনুসৰি সামূহিকভাৱে পাতনি মেলিলে যুগ্ম জীৱনৰ ।
