ETV Bharat / city

চীনা সৈন্যৰ কৱলৰ পৰা ভাৰতীয় সেনাই উদ্ধাৰ কৰিলে এজন অৰুণাচলী যুৱকক - Chinese Army

চীনা সৈন্যৰ কৱলৰ পৰা উদ্ধাৰ কৰা হ'ল অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰিৰ যুৱকক ৷ কিয় আটক কৰিছিল চীনা সৈন্যই ? চাওক আমাৰ এক প্ৰতিবেদন ৷

চীনা সৈন্যৰ কৱলৰ পৰা ভাৰতীয় সেনাই উদ্ধাৰ কৰিলে এজন অৰুণাচলী যুৱকক

author img

By

Published : Apr 9, 2020, 4:21 PM IST

Updated : Apr 9, 2020, 8:18 PM IST

তেজপুৰ, ৯ এপ্ৰিল : চীনা সেনাৰ হাতত আটক হৈছিল এগৰাকী ভাৰতীয় লোক । যোৱা ৭ এপ্ৰিলত চীনা সৈন্যৰ কৱলৰ পৰা উদ্ধাৰ কৰে ভাৰতীয় সেনাই ৷ কিন্তু কিয় চীনা সেনাৰ হাতত আটক হ’বলগীয়া হৈছিল ভাৰতীয় যুৱকজন ? COVID-১৯ প্ৰসংগ নে আন কিবা ?

ভাৰতীয় সেনা বাহিনীয়ে যোৱা ৭ এপ্ৰিলত চীনা সৈন্যৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এজন ২১ বছৰীয়া অৰুণাচলী যুৱক তাচাৰ চিংখম ওৰফে টগ্লে চিংখমক ৷ ভুলবশত ২১ বছৰীয়া অৰুণাচলী যুৱকজন তেওঁৰ দুই সতীৰ্থৰ লগত বন্য দ্ৰব্য বিছাৰি ভাৰতৰ সীমা অতিক্ৰম কৰি প্ৰৱেশ কৰিছিল চীন সীমান্তত ৷ তাৰ পাচতেই চীন সৈন্যৰ হাতত আটক কৰা হৈছিল যুৱকজনক । পিচত ৭ এপ্ৰিলত সীমান্তত ভাৰতীয় সেনাই চীনা সৈন্যক বৰ্ডাৰ পৰম্পৰা অনুসৰি আবেদন কৰাৰ পিছত সীমান্তত থকা চীনা সেনাই কৰ্দনৰ জৰিয়তে যুৱক জনক ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে লাডাখৰ তীব্বত সীমান্তত ৷

তাচাৰ চিংখমৰ ঘৰ অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱনশিৰি জিলাত ৷ জিলাৰ সদৰ ডাপৰিজোৰ পৰা প্ৰায় ২২০ কিল'মিটাৰ আশাপিলা গাঁৱৰ টাকচিন সীমান্তত ৷ ইটানগৰৰ নাহৰলগুনৰ বিদ্যালয়ত দশম মানৰ পৰীক্ষা সমাপ্ত কৰি এই লক্ ডাউনৰ সময়ত ঘৰতে আছিল যুৱকজন ৷

পিতৃ তাই চিংখম আৰু মাতৃ ইয়াপঙ চিংখমৰ পুত্ৰ তাচাৰ চিংখম ৷ যোৱা ২০ দিন ধৰি তাচাৰক চীনা সৈন্যই আটক কৰি নিয়াৰ বাবে শংকিত হৈ পৰিছিল ৷ ডাপৰিজত থকা তেওঁৰ খুড়াক লগিম চিংখামৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছিল ইটিভি ভাৰতৰ সাংবাদিকে ।

চীনা সৈন্যৰ কৱলৰ পৰা উদ্ধাৰ এজন অৰুণাচলী যুৱক

তেওঁ জানিবলৈ দিছিল যে বৰ্তমান তেওঁলোকৰ ল'ৰা তাচাৰ লাডাখত ভাৰতীয় সেনাৰ কুৱাৰেন্টাইনত আছে ৷ ১৯ মাৰ্চৰ দিনা বন্ধু দুজনৰ সৈতে তাকচিনৰ সীমান্তত য়াপি নদীত মাছ মাৰিবলৈ গৈছিল আৰু বন্য দৰৱৰ সন্ধান কৰিছিল । তেনেতে চীনা সৈন্যৰ হাতত তাচাৰ আটক হয় আৰু লগৰ দুই বন্ধু পলায় আহিবলৈ সক্ষম হয় ৷

ভাৰত চীন সীমান্তৰ তাকচিনৰ এই অঞ্চলটো উন্মুক্ত, প্ৰায় এই অঞ্চলৰ লোকসকল নদীৰ পাৰত যায় । কোনো সীমান্তৰক্ষী নাই মাত্ৰ দুয়ো দেশৰ পৰা তহলদাৰী সেনা ভ্ৰমণ কৰে বুলি জনায় প্ৰাক্তন বিজেপিৰ জিলা সভাপতি তাপা ডাডিয়ে ৷

উল্লেখ্য যে, দুয়োখন দেশতে COVID-১৯ য়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ সেইবাবেই চীনত প্ৰৱেশ কৰাৰ কাৰণেই যুৱক জনক নিজ গৃহলৈ যাবলৈ নিদি ভাৰতীয় সেনাই চিংখমক লাডাখত থকা ভাৰতীয় সৈন্যৰ শিৱিৰত কোৱাৰেন্টাইনত ১৪ দিনৰ বাবে ৰখা হৈছে যুৱকজনক ।

ৰাজহুৱা স্থানত পিকুৱাত নিষেধাজ্ঞা তেলেংগানা চৰকাৰৰ

Last Updated : Apr 9, 2020, 8:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.