তেজপুৰ, 26 জুলাই : দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণসূচীৰে শনিবাৰে মেঘালয়ৰ শ্বিলঙত উপস্থিত হয় দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah) । শনিবাৰে মেঘালয়ৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । দেওবাৰে শ্বিলঙৰ লাইটোকৰাস্থিত অসম ৰাইফলছ(Assam Rifles Head Quarters)ৰ মুখ্য কাৰ্য্যালয় পৰিদৰ্শন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ।
অসম ৰাইফলছ সঞ্চালক প্ৰধানৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকলৰ লগত মন্ত্ৰীগৰাকী এক বৈঠকত মিলিত হয় । গৃহমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অমিত শ্বাহে অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিছে । অসম ৰাইফলছৰ জোৱানসকলৰ সৈতে বিভিন্ন বিষয়ক লৈ আলোচনা কৰি সভাৰ অন্তত তেওঁ অসম ৰাইফলছৰ জোৱানসকলৰ সৈতে একেলগে দুপৰীয়াৰ অহাৰ গ্ৰহণ কৰে ।
লগতে পঢ়ক-কাৰ্গিল বিজয়ৰ দিৱসৰ পূৰ্বে দ্ৰাচ চেক্টৰ পৰিদৰ্শন বিপিন ৰাৱটৰ
উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশৰ পিছতে ইতিমধ্যে অসম, অৰুণাচল, মণিপুৰ আৰু নাগালেণ্ড সেনাবাহীনৰ বিশেষ ক্ষমতা আইন আস্ফাৰ অধীনত অসম ৰাইফলছে বিভিন্ন অভিযান অভ্যাহত ৰাখিছে । শেহতীয়াকৈ যুদ্ধ এৰি মূলসুঁতিলৈ ঘূৰি অহা বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহৰ বিষয়েও আলোচনাত মিলিত হয় অমিত শ্বাহ ।
আনহাতে এই ভ্ৰমণৰ সময়ত ভাৰতৰ আগশাৰীৰ সুৰক্ষা এজেঞ্চি (Information Bureau) আই.বিৰ সঞ্চালক প্ৰধান অৰবিন্দ কুমাৰে একেদিনাই পৰিদৰ্শন কৰে অসম ৰাইফলছৰ কাৰ্যালয়টো ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ লগতে inteligencyৰ সঞ্চালক গৰাকীৰ উত্তৰ পূৰ্বাঞ্চল পৰিদৰ্শন বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ।
লগতে পঢ়ক- Kargil Vijay Diwas ৰ 22 বছৰ: পাক সেনাৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়