ETV Bharat / city

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি বিদেশী ঘোষিত মহিলা

author img

By

Published : Dec 16, 2021, 8:53 PM IST

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে সন্ধিয়া বিদেশী ঘোষিত এগৰাকী মহিলাগৰাকীক মুকলি কৰি দিয়ে ৷ ন্যায়াধীকৰণে 2016 চনৰ আগষ্টত মহিলাগৰাকীক "কোনো ধাৰাৰ বিদেশী/অবৈধ প্ৰব্ৰজনকাৰী" নহয় বুলি ঘোষণা কৰিছিল । কিন্তু একেখন ন্যায়াধীকৰণে 2021 চনৰ মাৰ্চ মাহত মহিলাগৰাকীক বিদেশী বুলি ঘোষণা কৰিছিল ৷

Gauhati High Court orders release of woman first declared Indian later a foreigner
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি বিদেশী ঘোষিত মহিলা

তেজপুৰ, ১৬ ডিচেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ(Tezpur Central Jail)ৰ পৰা বৃহস্পতিবাৰে এগৰাকী বিদেশী ঘোষিত মহিলাক মুকলি (Woman released from Detention camp) কৰি দিয়া হয় ৷ বিদেশী ন্যায়াধিকৰণে(Foreigners Tribunal) 2016 চনত 'ভাৰতীয়' ঘোষণা কৰা আৰু পৰৱৰ্তী সময়ত 2021 চনত একেখন ন্যায়াধিকৰণে দৰং জিলাৰ এগৰাকী মহিলাক 'বিদেশী' ঘোষণা কৰিছিল ৷ কিন্তু বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানী গ্ৰহণ কৰি মহিলাগৰাকীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত বৃহস্পতিবাৰে দৰং জিলাৰ বাসিন্দা হাচিনা ভানুক(৫৫) তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনছন কেম্পৰ পৰা মুকলি কৰি দিয়া হয় । তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 5 বজাত মঙলদৈৰ সীমান্ত শাখাৰ আৰক্ষীয়ে মহিলাগৰাকীক তেজপুৰৰ পৰা লৈ যায় ।

উল্লেখ্য যে, মঙলদৈৰ বিদেশী ন্যায়াধীকৰণে 2016 চনৰ আগষ্টত ভানুক "কোনো ধাৰাৰ বিদেশী/অবৈধ প্ৰব্ৰজনকাৰী" নহয় বুলি ঘোষণা কৰিছিল । কিন্তু পাছত সীমান্ত আৰক্ষীৰ পৰা ৰেফাৰেল(referral) কৰাৰ পিছত একেখন ন্যায়াধীকৰণত তেওঁৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰা হৈছিল আৰু 2017ত তেওঁক পুনৰ বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰিছিল । শেষত 2021 চনৰ মাৰ্চ মাহত ন্যায়াধীকৰণে তেওঁক "25.03.1971"ৰ অধীনত বিদেশী বুলি ঘোষণা কৰে ৷

বিদেশী ন্যায়াধীকৰণৰ এই ঘোষণাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু অক্টোবৰৰ পৰা তেজপুৰ কাৰাগাৰৰ ডিটেনচন কেম্পত ৰখা হয় । সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণৰ 2021 চনৰ ঘোষণাক খাৰিজ কৰে ৷ ইয়াৰ লগতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটিশ্বৰ সিং আৰু মালাশ্ৰী নন্দীৰ দুজনীয়া বিচাৰপীঠে পৰৱৰ্তী ৰেকৰ্ডৰ বাবে আহ্বান নকৰাকৈ আবেদনখন নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ন্যায়ালয়(Gauhati High Court orders)ৰ এই নিৰ্দেশৰ পাছত বৃহস্পতিবাৰে সন্ধিয়া তেওঁক তেজপুৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় কটাক্ষ কৰিলে পি চিদাম্বৰমে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.