ETV Bharat / city

তেজপুৰত আৰক্ষীৰ জালত ভুৱা আৰক্ষী

তেজপুৰ, গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড় আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, কলকাতা, চেন্নাই আদি বহিঃ ৰাজ্যৰ ব্যৱসায়ীৰ বাবে ত্ৰাস আৰু আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এটা প্ৰৱঞ্চক অৱশেষত পৰিল তেজপুৰ আৰক্ষীৰ জালত । তেজপুৰ গোটলুঙত ধৰা পৰিছে নিজকে আৰক্ষী বুলি পৰিচয় দিয়া আন এটা প্ৰৱঞ্চককো গ্ৰেপ্তাৰ ৷

author img

By

Published : Jun 7, 2022, 8:34 AM IST

Fraud arrested by police in Tezpur
Fraud arrested by police in Tezpur

তেজপুৰ, ৬ জুন : তেজপুৰ আৰক্ষীৰ জালত পৰিল এটা ম’ষ্ট ৱান্টেড আন্তঃৰাজ্যিক প্ৰৱঞ্চক (Fraud arrested by police in Tezpur) । তেজপুৰ, গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড় আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, কলকাতা, চেন্নাই আদি বহিঃ ৰাজ্যৰ ব্যৱসায়ীৰ বাবে ত্ৰাস আৰু আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এই প্ৰৱঞ্চক অৱশেষত পৰিল তেজপুৰ আৰক্ষীৰ জালত । প্ৰৱঞ্চনাৰে আৰক্ষীৰ ম’ষ্ট ৱান্টেডৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা এই প্ৰৱঞ্চকটোৰ নাম অৰ্জু ইছলাম (Most wanted fraud arrested in Tezpur)৷

তেজপুৰ, গুৱাহাটী, শিৱসাগৰ ডিব্ৰুগড় ক'ত নাই অৰ্জুৰ বিৰুদ্ধে গোচৰ । দিল্লী, কলকাতা চেন্নাই আদিতো অৰ্জুৰ বিৰুদ্ধে আছে ঠগ-প্ৰৱঞ্চনাৰ গোচৰ । ব্যৱসায়ী সকলক সামান্য নগদ ধন আৰু লাখ লাখ টকাৰ ভুৱা চেক দি সামগ্ৰী সৰকাই অনাত সিদ্ধহস্ত এইটো আন্তঃৰাজ্যিক প্ৰৱঞ্চক । বছৰ বছৰ ধৰি দেশৰ আৰক্ষীক জলা-কলা খুৱাই অহা তেজপুৰ হাৰি গাঁৱৰ এইটো প্ৰৱঞ্চক অৰ্জুক তেজপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ইফালে তেজপুৰ গোটলুঙত ধৰা পৰিছে নিজকে আৰক্ষী বুলি পৰিচয় দিয়া আন এটা প্ৰৱঞ্চক, নাম ৰঞ্জিত সৰকাৰ (Fake police arrested) । কেতিয়াবা যদি মিছামাৰী থানাৰ অ'চি, আন কেতিয়াবা আকৌ লালমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বুলি পৰিচয় দিয়ে ৰঞ্জিতে ৷ কেৱল সেয়াই নহয়, কেতিয়াবা ৰঞ্জিত হৈ পৰে তেজপুৰ সদৰ থানাৰ অ'চিও ।

অৱশেষত এই ভুৱা আৰক্ষীকো হেণ্ডকাফ লগাই লক্ আপত ভৰালে তেজপুৰ আৰক্ষীয়ে ৷ বিভিন্ন থানাৰ আৰক্ষী বিষয়া বুলি ভয়-ভাবুকিৰে সাধাৰণ জনতাক ঠগী আহিছিল ।

লগতে পঢ়ক : কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.