তেজপুৰ, 1 মাৰ্চ : মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান( Kaziranga National Park) ৰ 1 নং শিল ডুবিৰ দ্বিতীয় সংৰক্ষিত উদ্ধাৰ হৈছে এজনী মাইকী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা ৰেঞ্জৰ অধীনত থকা মিহিমুখ বনশিৱিৰৰ কাষত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰে মৃত বাঘটো ৷ মঙলবাৰে পুৱতি নিশা 2.45 বজাত এই মাইকী ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰা হয় ( Deadbody of Royal Bengal tiger found in Kaziranga ) ৷
এই মৃত মাইকী ঢেকীয়াপতিয়া বাঘজনী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ Kazi_205_F নম্বৰৰ বুলি বাঘৰ সংৰক্ষিত কেমেৰা ট্ৰেপৰ তথ্য মতে জানিব পৰা গৈছে ৷ লগতে এই মৃত ঢেকীয়াপতিয়া বাঘজনীৰ বয়স চাৰে চাৰি বছৰ বুলি জানিব পৰা গৈছে ৷
ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা জনোৱা তথ্য মতে এই পৰ্যন্ত এই বাঘজনীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই ৷ ইতিমধ্যে এই মৃত ঢেকীয়াপতিয়া বাঘজনীৰ মৃত্যুৰ কাৰণ উদঘাটন কৰিবলৈ বোকাখাত মহকুমাৰ অধীনত গোচৰ নম্বৰ KR/06,2022 ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ৷
বন প্ৰাধিকাৰী ৰমেশ গগৈয়ে ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ অঞ্চলৰ সমীপত পূৰ্বে বাঘৰ বাবে পয়োজন দিয়াৰ ঘটনা সংঘটিত হোৱা বুলি জানিব দিয়ে । লগতে, ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ অঞ্চলৰ সমীপত পূৰ্বে বাঘৰ বাবে পয়োজন দিয়াৰ ঘটনা সংঘটিত হোৱা বুলি জানিব দিয়ে । তেওঁ কয় যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও জনায় বন প্ৰাধিকাৰী ৰমেশ গগৈয়ে ৷
লগতে পঢ়ক : বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত ভক্তৰ ভিৰ