তেজপুৰ, ২১ মাৰ্চ : মাউন্ট এভাৰেষ্টৰ শিখৰত চাহ পাৰ্টি কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয় এটা পৰ্বতাৰোহীৰ দল (Guinness World Record by holding tea party at Mt Everest)৷ 2021 চনৰ 5 মে’ত 15 জনীয়া পৰ্বতাৰোহীৰ দলটোৱে এভাৰেষ্ট বেচ কেম্প নং 2-ত আয়োজন কৰা চাহ পাৰ্টিটো চলিত বৰ্ষৰ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত সন্নিবিষ্ট হৈছে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত ৷ এণ্ড্ৰিউ হিউজ নামৰ এজন পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ 6,496 মিটাৰ (21,213 ফুট) উচ্চতাত সতীৰ্থসকলৰ লগত আদা আৰু ডেণ্টিৰ সৈতে নেপালী গাখীৰৰ চাহ উপভোগ কৰিছিল ।
দলটোৱে টোপনি নহাকৈ থকাৰ লগতে হজম হোৱাত সহায় কৰিবলৈ কেমোমাইল(চাহপাতৰ নাম), পেপাৰমিণ্টৰ পেকেট আৰু খোলা চাহপাত লগত লৈ গৈছিল । প্ৰচণ্ড শীতৰ লগতে নিম্ন বায়ুমণ্ডলীয় চাপৰ প্ৰভাৱৰ বাবে সাগৰপৃষ্ঠৰ সৰ্বোচ্চ উচ্চতাত কোনো দ্ৰব্য ১০০ ডিগ্ৰী চেলচিয়াছত গৰম কৰা হয় । বিশেষকৈ 20,000 ফুট উচ্চতাত পানীৰ তাপমাত্ৰা 80 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ কম হয় আৰু ইয়াত প্ৰায় 175 ডিগ্ৰী ফাৰেনহাইটত উতলাব লগা হয় । এণ্ড্ৰিউ হিউজ নামৰ এগৰাকী আমেৰিকাৰ পৰ্বতাৰোহীয়ে এভাৰেষ্ট আৰোহণৰ সময়ত এভাৰেষ্টৰ বেচ কেম্প 2 ত সতীৰ্থসকলৰ সৈতে গৰম পানীয় আৰু জলপানৰ এটা পাৰ্টিৰ আয়োজন কৰিছিল ।
গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে হিউজ আৰু তেওঁৰ সতীৰ্থসকলে এভাৰেষ্টত আয়োজন কৰা এই চাহ পাৰ্টিক ইতিহাসৰ সৰ্বোচ্চ 6,496 মিটাৰ উচ্চতাত কৰা চাহ পাৰ্টি হিচাপে স্বীকৃতি দিয়ে । 2021 চনৰ 5 মে’ত নেপালৰ মাউণ্ট এভাৰেষ্ট কেম্প 2ত হিউজৰ সৰ্বোচ্চ পাৰ্টিত অংশগ্ৰহণ কৰাৰ বাবে অংশগ্ৰহণকাৰীসকলৰ নাম এতিয়া ৰেকৰ্ডত তালিকাভুক্ত কৰা হৈছে । উল্লেখ্য যে, হিউজে সাতটা আৰোহণ (প্ৰতিখন মহাদেশৰ সৰ্বোচ্চ পৰ্বতাৰোহণ) আৰু সাতটা আগ্নেয়শিখৰৰ ছটাত (প্ৰতিখন মহাদেশৰ সৰ্বোচ্চ আগ্নেয়গিৰি) আৰোহণ সম্পূৰ্ণ কৰিছে ।
হিউজৰ পৰৱৰ্তী লক্ষ্য হৈছে এক্সপ্ল'ৰাৰৰ গ্ৰেণ্ড শ্লেম(Explorers’ Grand Slam) ৷ এতিয়ালৈ মাত্ৰ 70 জন লোকেহে গ্ৰেণ্ড শ্লেম’ আৰোহণৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইউক্ৰেইনৰ যুদ্ধৰ বাবে 2022 চনত আৰোহণ অভিযান বাতিল কৰা হৈছে ৷ 2023 চনৰ এপ্ৰিলৰ পাছতহে পুনৰ এই অভিযান আৰম্ভ কৰা হ’ব ৷ হিউজে চাহৰ প্ৰচাৰৰ বাবে তেওঁক এম্বেচেডৰ হিচাপে নিযুক্তি দিয়াতো এক সন্মানৰ বিষয় হ'ব বুলি উল্লেখ কৰে ৷
হিউজে তেওঁৰ অভিজ্ঞতাৰ কথা সুঁৱৰি কয় যে, চাহ পাৰ্টিটো আয়োজন কৰাৰ বাবে এক উৎসৱৰ দৰে অনুভৱ হৈছিল ৷ আমি এই বিশেষ স্থানত সমগ্ৰ বিশ্বৰ বহুতো বিশেষ লোকৰ সৈতে একেলগে উপভোগ কৰাৰ সুযোগ লাভ কৰিছিলো ৷ উল্লেখ্য যে, এণ্ড্ৰিউ হিউজৰ লগত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট হোৱা পৰ্বতাৰোহীসকল হৈছে ক্ৰমে ৰোনান মোৰফয়, ক্ৰিষ্টিন বেননেটত, গৰৰেটত মদিছিন, চিড পত্তিসন, ৰবাৰ্ট স্মিথ, আৰ্ট মূৰে, হলেন কোকী বেড়েনয়ী, কৃশলী মেলস্ক, বেন ভেৰেছ, কেভিন ৱালছ, ক্ৰিষ্টিন হাৰিলা, মাৰ্ক পত্তিসন, ৰিক লৰভিনে আৰু জেমছ ৱালকেৰৰ ৷
লগতে পঢ়ক : অপেক্ষাৰ অৱসান; দ্বিতীয়বাৰলৈ মণিপুৰৰ ৰাজপাটত এন বিৰেন সিং