ETV Bharat / city

তেজপুৰ কনকলতা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচী

author img

By

Published : Jul 24, 2020, 2:55 PM IST

শুকুৰবাৰে তেজপুৰত শোণিতপুৰৰ ভাৰতীয় যুৱ মৰ্চাৰ তৰফৰ পৰা তেজপুৰ কনকলতা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷

Blood donation program in Kanaklata Hospital Tezpur
তেজপুৰ কনকলতা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচী

তেজপুৰ, 24 জুলাই : ৰাজ্যত চিকিৎসালয়সমূহত পূৰ্বৰ তুলনাত ৰক্ত সংগ্ৰহৰ পৰিমাণ ক্ৰমাৎ কমি আহিছে ৷ এই তথ্য প্ৰকাশ কৰিছে তেজপুৰৰ এজন চিকিৎসকে । চিকিৎসক ডাঃ দ্বীপেন মহন্তই সদৰি কৰে যে,ভয়াৱহ কৰ'ণা মহামাৰীৰ বাবে মুকলিভাৱে ৰক্ত সংগ্ৰহ কৰাত বহুতো স্বেচ্ছাসেৱী সংগঠনে অসুবিধাৰ সন্মুখীন হৈছে । সেইবাবে শুকুৰবাৰে তেজপুৰত শোণিতপুৰৰ ভাৰতীয় যুৱ মৰ্চাৰ তৰফৰ পৰা তেজপুৰ কনকলতা চিকিৎসালয়ত আয়োজন কৰা হৈছে ৰক্তদান কাৰ্যসূচী ।

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত সংগ্ৰহ কৰা হৈছে ৰক্তদানৰ জৰিয়তে ৰক্তৰ ভঁৰাল । চিকিৎসালয়ৰ পৰামৰ্শ অনুসৰি,যুৱ মৰ্চাৰ দলে যুগুতাইছে ৰোগীৰ সুবিধাৰ বাবে ৰক্ত ।

আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোকে ৰক্তদান কৰিবলৈ আহ্বান জনায় আমতৰণৰ উপ সভাপতি ঋতু বৰণ শৰ্মাই ।

লগতে পঢ়ক : ক’ভিড-19 আতংক : আৰক্ষীয়ে বন্ধ কৰিলে গৌৰীপুৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.