ETV Bharat / city

মহাত্মা গান্ধীক অসুৰৰূপে প্ৰদৰ্শন কৰা ঘটনাক গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰ - মহাত্মা গান্ধীক অসুৰৰূপে প্ৰদৰ্শন

হিন্দু মহাসভাই কলকাতাৰ পূজাস্থলীত মহাত্মা গান্ধীক 'অসুৰ' হিচাপে প্ৰদৰ্শন (Display of Mahatma Gandhi as Asura in Kolkata) কৰা ঘটনাক গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰ । পশ্চিমবংগ চৰকাৰক সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ ।

Assam Pradesh Congress reaction on Display of Mahatma Gandhi as Asura in Kolkata
মহাত্মা গান্ধীক অসুৰৰূপে প্ৰদৰ্শন কৰা ঘটনাক গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰ
author img

By

Published : Oct 3, 2022, 5:19 PM IST

তেজপুৰ, ৩ ছেপ্টেম্বৰ: জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক কলকাতাৰ দুৰ্গা পূজাৰ থলিত আৱমাননা কৰা ঘটনা বৰ্তমান সৰ্বত্ৰে চৰ্চিত হৈছে । কলকাতাৰ পূৱ প্ৰান্তৰ কাচবাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা এখন পূজা মণ্ডপত দুৰ্গা দেৱীৰ মূৰ্তিত অসুৰ ৰূপত জাতিৰ পিতা মহাত্মা গান্ধীক উপস্থাপন কৰা হৈছিল (Akhil Bharatiya Hindu Mahasabha at Kasba) ৷ এই ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছে(Assam Pradesh Congress) ৷

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকটকীয়ে এই সন্দৰ্ভত কয় যে, মহাসভাই ২ অক্টোবৰ দিনা কলকাতাৰ পূজা মণ্ডপত দুৰ্গা দেৱীৰ মূৰ্তিৰ লগত থকা মহিষাসুৰৰ ঠাইত বাপুক প্ৰদৰ্শন কৰিছিল (Bapu as Asura at Kasba in Kolkata) ৷ অখিল ভাৰতীয় হিন্দু মহাসভাই যদি প্ৰকৃততে এনে কৰিছে ই দেশ তথা জাতিৰ বাবে চৰম দুৰ্ভাগ্যজনক । তেওঁ পশ্চিমবংগৰ চৰকাৰকো এই বিষয়টো বিবেচনা কৰাৰ বাবে আহ্বান জনায় ।

তেওঁ লগতে কয় যে, যিটো সময়ত সমগ্ৰ দেশে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে (Birth anniversary of Mahatma Gandhi), সেই সময়ত এনে ঘটনা সমগ্ৰ ভাৰতবৰ্ষৰ বাবে লজ্জাজনক তথা নিন্দনীয় । এই ধৰণৰ ঘটনাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে হৃদয়ত আঘাত হানিছে । যদি প্ৰকৃততে এই ঘটনা সংঘটিত হৈছে তেন্তে পশ্চিমবংগ চৰকাৰে ইয়াৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

লগতে পঢ়ক: দুৰ্গা পূজাত কদৰ্য ৰাজনীতিৰ আশ্ৰয় লোৱাটো ভাৰতবৰ্ষৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে : চিপিআই(এম)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.