ETV Bharat / city

ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মন্ত্ৰী নৱ দলে, মন্ত্ৰী ৰঞ্জিত দত্ত, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ বুজ ল’লে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাৰ স্থানৰ ।

ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোনোৱালে

author img

By

Published : Feb 4, 2021, 9:16 PM IST

Updated : Feb 4, 2021, 10:05 PM IST

তেজপুৰ 4 ফেব্ৰুৱাৰী : অহা 7 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ঢেকিয়াজুলিৰ ভোটপাৰাত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব ৰাজহুৱা সভা । প্ৰধানমন্ত্ৰীৰ এই আগমনক লৈ তৎপৰতা বৃদ্ধি পাইছে ঢেকিয়াজুলি ভোটপাৰাত ।

একেদৰে তৎপৰতা বৃদ্ধি পাইছে বহু নেতা মন্ত্ৰীৰ ৷ প্ৰতিদিনেই সভাস্থলী পৰ্যবেক্ষণ কৰিছে মন্ত্ৰী বিধায়কে। আজি দিনৰ ভাগত প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ঢেকিয়াজুলিত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীয়ে ভোটপাৰৰ পথাৰৰ মাজতে অস্থায়ী টম্বুৰ তলত বহি বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া ৰাজহুৱা সভাৰ । শোণিতপুৰ জিলা প্ৰশাসন, মন্ত্ৰী বিধায়ক, আৰক্ষী সঞ্চালক প্ৰধানৰ লগত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰশাসনিক ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীয়ে ।

ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মন্ত্ৰী নৱ দলে, মন্ত্ৰী ৰঞ্জিত দত্ত, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ বুজ ল’লে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাৰ স্থানৰ । পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ ৰাজহুৱা সভাৰ । কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ঢেকিয়াজুলিত । প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে দিনে নিশাই প্ৰায় ৫/৬ শ শ্ৰমিক ব্যস্ত হৈ পৰিছে হেলিপেদ মণ্ডপ নিৰ্মাণৰ কামত । একেদৰেই দিনে নিশাই ব্যস্ত হৈ পৰিছে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন ।

ঢেকিয়াজুলিত মুখ্যমন্ত্ৰীসহ উচ্চ পৰ্যায়ৰ বিষয়াৰ দল

মুখ্য মন্ত্ৰী সোণোৱালে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, অসম তথা শোণিতপুৰবাসী ৰাইজে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবলৈ গভীৰ উৎকন্ঠাৰে বাট চাই আছে । কিয়নো দক্ষিণ পূব এছিয়াৰ ভিতৰত ভাৰতবৰ্ষ এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে । লগতে এইবাৰৰ বাজেটত অসমৰ অন্যান্য শক্তিপীঠ কামাখ্যা মন্দিৰৰ আন্তঁগাঁথনিৰ বাবেও 3শ কোটি টকাৰ উপৰিও অসমৰ কাৰনে 13শ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকা আৱণ্টণ দিছে । তাৰ লগতে মাজুলীৰ ৰাস্তা ঘাট আৰু মথাউৰি নিৰ্মাণৰ বাবে 198 কোটি টকা, চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে 1 হাজাৰ কোটি টকা আগবঢ়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰৰ আন্তৰিকতা প্ৰকাশ কৰিছে ৷ আনহাতে মুখ্যমন্ত্ৰী গৰাকীক আজি সাংবাদিকে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ জাতি, মাটি, ভেটি, ভাষা, সংস্কৃতি কেৱল বিজেপিয়ে ৰক্ষা কৰিব পাৰিব । ৰাইজে 2016 চনৰ পৰা চাই আহিছে আমি কি কৰি আহিছো । বিজেপিক ৰাইজে বিশ্বাস কৰে । অসমত যিয়েই দল নোখোলক কিয় ভাৰতীয় জনতা পাৰ্টিকে পুণৰ আকোৱালি ল’ব বুলি আমি দৃঢ় বিশ্বাসী ।

লগতে পঢ়ক : বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী

Last Updated : Feb 4, 2021, 10:05 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.