ETV Bharat / city

মিনি দিছপুৰত পৰিণত ঊষাৰ নগৰী: শনিবাৰে কেবিনেট - Assam cabinet meeting

তেজপুৰ বাটমাৰীত নিৰ্মাণ কৰা সন্মিলন কেন্দ্ৰত শনিবাৰে অনুষ্ঠিত হ’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam cabinet meeting in tezpur) ৷ তাৰ বাবেই এতিয়া সকলো মন্ত্ৰী উপস্থিত হৈছেহি তেজপুৰত ৷

Assam cabinet to be held in tezpur
Assam cabinet to be held in tezpur
author img

By

Published : Jun 10, 2022, 8:47 PM IST

তেজপুৰ, ১০ জুন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত প্ৰথমখন কেবিনেট বৈঠক তেজপুৰ অনুষ্ঠিত হ’ব শনিবাৰে ৷ ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী অজন্তা নেওগে তেজপুৰত ঘোষণা কৰে যে, এই কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে (Assam cabinet meeting in tezpur)৷ মূলতঃ এইদৰে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (Assam cabinet meeting) অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যৰ সম্পৰ্কত বিত্তমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্যৰ চুক কোণৰ প্ৰতিটো সমস্যা যাতে স্বচক্ষে বুজিব পৰা যাই তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে ৷

আনহাতে পিপিই কিট বিতৰ্ক সম্পৰ্কত বিৰোধীয়ে এনেয়ে হৈ-ছৈ কৰি আছে বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্যত বিৰোধীৰ হাতত এতিয়া কোনো ইছ্যু নাই বাবেই এনেবোৰ কথাক লৈ হুলস্থূল কৰি আছে (Assam PPE Kit controversy)৷

মিনি দিছপুৰত পৰিণত ঊষাৰ নগৰী

আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই পি পি ই কিটৰ বিষয়ে কয় যে, এইটো সম্পূৰ্ণ মিছা তথ্য । মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ তৰফৰ পৰা এই সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিশ চিছোদিয়াৰ ওপৰত আদালতত এক গোচৰ ৰূজু কৰিব । তেজপুৰ সৌন্দৰ্যৰ নগৰী হেতুকে এই ভ্ৰমণ কালতে তেজপুৰৰ বিভিন্ন ঠাই তেওঁ পৰিভ্ৰমণ কৰিব বুলিও উল্লেখ কৰে ৷

উল্লেখ্য যে, কাইলৈ তেজপুৰ বাটমাৰীত নিৰ্মাণ কৰা সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক (Assam cabinet meeting to be held in tezpur on saturday) ৷ তাৰ বাবেই এতিয়া সকলো মন্ত্ৰী উপস্থিত হৈছেহি তেজপুৰত ৷

লগতে পঢ়ক : ১১ জুনত মুকলি হ’ব তেজপুৰ বাটামাৰীৰ কনভেঞ্চন ভৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.