তেজপুৰ, ৩ অক্টোবৰ: মহা অষ্টমীৰ উপলক্ষ্যে তেজপুৰৰ ঐতিহাসিক ভৈৰবী মন্দিৰলৈ সোমবাৰে অগণন ভক্তপ্ৰাণ লোকৰ সমাগম ঘটে (Ashtami Puja celebrated at Tezpur) । দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে দেৱীৰ চৰণত ধূপ দ্বীপ নৈবেদ্যৰে পূজা অৰ্চনা কৰাৰ লগতে দেৱীৰ নামত বিভিন্ন জীৱৰ উচৰ্গা কৰে ৷ দুপৰীয়া সময়ত বলি দিয়াৰ নিয়ম আছে এই মন্দিৰত । আজি প্ৰতিকূল বতৰৰ মাজতো অগণন ভক্তৰ সোঁত বৈছে এই স্থানলৈ ।
উল্লেখ্য যে, ভৈৰৱী মন্দিৰ তেজপুৰ চহৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত দক্ষিণ-পূৱ কোণত অৱস্থিত(Goddess Bhairavi Temple) । হিন্দুসকলৰ ৫১ খন পবিত্ৰ পীঠস্থানৰ ভিতৰত ভৈৰৱী মন্দিৰ অন্যতম বুলি জনা যায় । পূৰ্বতে ভৰলী নৈৰ পাৰত আৰু বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰতে এয়া পুৰাণ যুগৰ দেৱীকূট পৰ্বত । প্ৰবাদ আছে যে ইয়াতে হেনো সতীৰ শৱদেহৰ পদ যুগল পৰিছিল । কালিকা পুৰাণত এই বিষয়ে এনেদৰে উল্লেখ আছে(Bhairabi Mandir Purunakatak)-
"দেৱীকূটে পাদ যুগ্মং
প্ৰথমং ন্যাপতংক্ষিতৌ ।"
মন কৰিবলগীয়া যে, প্ৰতিখন দেৱীপীঠৰ সৈতে এখন ভৈৰৱ বা শিৱস্থান সংযুক্ত হৈ থাকে । যেনেকৈ কামাখ্যাৰ ভৈৰৱ "উমানন্দ", তেনেকৈ ভৈৰৱীৰ ভৈৰৱ হৈছে "মহা ভৈৰৱ" ।
মন্দিৰৰ থাপনাত দশভূজা ভৈৰৱীৰ অষ্ট ধাতুৰ মূৰ্তি আছে (Tezpur Bhairabi Temple) । পূৰ্বতে এই মন্দিৰলৈ আহিবলৈ সুচল বাট পথ নাছিল । আছিল দুৰ্গম হাবিৰ মাজৰ লুঙলুঙীয়া পথ । ইয়াৰ বাবে অৱশ্যে কোনোদিনে পুৰোহিতে ভয় কৰিব লগা হোৱা নাছিল মন্দিৰত পূজা অৰ্চনা কৰিবলৈ । পুৰোহিতে পুৱা আহি থানত দেৱীক স্নান কৰায় আৰু যথাবিহিত পূজা কৰি আহাৰ গ্ৰহণ কৰিছিল । সেই আহাৰ দুপৰ বেলা পুৰোহিতৰ পত্নীয়ে নিজে আনিছিল আৰু ওভতাৰ সময়ত দুয়ো একেলগে উভতিছিল ।
এবাৰ পূজা পাতলৰ অন্তত যথাসময়ত পুৰোহিতৰ পত্নী আহি নোপোৱাত ভোকত পুৰোহিত শুই পৰিল । তেনেতে তেওঁ সামাজিকত দেখিলে দেৱীক । দেৱীয়ে ক’লে "তই অকলে অকলে মোৰ সমুখতে খোৱাবোৱা কৰ, মোক হ'লে নিদিয় ! আজিৰ পৰা তোৰ ভাগৰ অলপ মোকো দিবি ।"
সেইদিনাৰ পৰা পুৰোহিতে খোৱাৰ আগেয়ে দেৱীক আগবঢ়াইহে তেওঁ খাইছিল । এনে বহু শ্ৰুতিমধুৰ কাহিনী ভৈৰৱী দেৱীকলৈ আছে ৷ যিবোৰ গভীৰ বিশ্বাস আৰু শ্ৰদ্ধাৰে প্ৰগাঢ় সম্পৰ্ক লৈ ভক্তিৰসলৈ পৰিণত হৈছে । এই বিষয়ে তেজপুৰ এগৰাকী চিন্তাবিদ লেখক শান্তনু বৰুৱাই তেওঁৰ গ্ৰন্থ "ভৈৰব আৰু ভৈৰবী" উল্লেখ কৰিছে ।
তেওঁৰ মতে, মহাভাগা নামে পূজ্য এই থানৰ বহুতো অলৌকিক কথাই আজিও অজস্ৰজন ভক্তক ভক্তিৰ ৰসৰে আপ্লুত কৰি আহিছে । প্ৰবাদ আছে যে, বহুবছৰ আগেয়ে গৰখীয়া বাৰিকৰ ল'ৰাবোৰে গৰু চৰাই ফুৰোতে এঠাইত খেলা ধূলা কৰিছিল । এদিন তেওঁলোকে বিৰিণা পাতকে তৰোৱাল ৰূপে কল্পনা কৰি খেলি আছিল । বিৰিণা পাতৰ দুয়ো কাষ বৰ ধাৰ থকা । অসাৱধান হৈ চুলে হাত কটাৰ ভয় ! খেলৰ মাজতে এজনে ক’লে, তই এতিয়া মূৰটো পাত মই তোক বলি দিম !
এইবুলি ধেমালিতে এজনে লগৰজনক বলি দিবলৈ বুলি ডিঙিত বিৰিণা পাতৰ ৰেপ দিওঁতেই সঁচাই ডিঙি কটা গৈ ল'ৰাটো বলি গ'ল । এই ঘটনাত সকলো ভয়ত কঁপি উঠিল ! ৰাতি দেৱীয়ে গাঁৱৰ মানুহক সপোনত দেখা দি ক'লে 'মই কাষতে আছোঁ । মোক বলি লাগে । গাঁৱৰ মানুহে উপায় নাপায় পাল পাতি প্ৰতি ঘৰৰ পৰা এজনকৈ বলি যাবলৈ প্ৰস্তুত হ'ল । ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিল ! দেৱীয়ে এই কথা জানিব পাৰি পুনৰ ক'লে যে মোক নোম থকা জীৱ বলি দিলেও হ'ব ।
সেইদিন ধৰি আজিলৈকে দেৱীৰ ওচৰত মানুহৰ সলনি হাঁহ, পাৰ, ছাগলী, ম‘হ আদি বলি বিধানৰূপে চলি আছে । বাৰিকৰ ঘৰৰ নাম অনুসৰি সেই ঠাইৰ নাম বাৰিকা চুক হয় আৰু আজি বাৰিকা চুবুৰী বুলি জনা যায় । আনহাতে মৰা ভৰলী সুঁতিৰ পূৱ পাৰে খেলা-ধূলা কৰা বাৰিকৰ ল'ৰাহঁতৰ ঠাই খনেই নৰবলি পাহাৰ । এটা সৰু টিলা যদিও আজি এই টিলাটো সংৰক্ষণৰ অভাৱত জনবসতি পূৰ্ণ এলেকা হ'ল ।
এইখিনিতে উল্লেখ কৰা উচিত হ'ব যে, প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে কামাখ্যা দেৱীৰ নৃত্য উপভোগ কৰিব বিচৰাৰ দৰে এই মন্দিৰতো দেৱীয়ে নৃত্য কৰিছিল আৰু তাক ৰজাই চাব বিচাৰিছিল বুলি প্ৰবাদ আছে । তাৰ পৰিণাম যি হ'ল সেয়া আজিও ভৈৰৱী মন্দিৰৰ পূজা সেৱাত স্পষ্ট হৈ ৰ’ল ।
কথাটো এনে ধৰণৰ... ভৈৰৱী দেৱীৰ পুৰোহিতৰ মন্ত্ৰধ্বনিত মুগ্ধ হৈ দেৱীয়ে হেনো মন্ত্ৰৰ তালে তালে নৃত্য কৰিছিল । এই কথা ইকাণ সিকাণ হৈ ৰজাৰ কাণত পৰাত ৰজাই সত্যাসত্যৰ বুজ ল’লে । শেষত প্ৰজা হৈ ৰজাক এই কথা নজনোৱাৰ অপৰাধত পুৰোহিতক ৰজাই দোষী সাব্যস্ত কৰিলে । শেষত ৰজাৰ আদেশ পালন কৰিবলৈ পুৰোহিতক বাধ্য কৰোৱা হ’ল আৰু ৰজাক দেৱীৰ নৃত্য দেখুৱাৰ বাবে বাধ্য কৰা হ'ল ।
সেইমতে এদিন পূজা চলি থকা অৱস্থাত পুৰোহিতৰ মন্ত্ৰধ্বনিৰ তালত দেৱীয়ে নৃত্য কৰিলে যদিও দেৱীৰ অগোচৰে ৰজাই দুৱাৰৰ জলঙাৰে নৃত্য উপভোগ কৰে ৷ এই কথা জানিব পাৰি দেৱী কূপিত হয় আৰু ক’লে "মই আৰু ইয়াত এক মুহূৰ্তও নাথাকো মাত্ৰ পূজাৰ সময়তহে থাকিম ৷ মোৰ শৰাই, ভোগ আৰু বলিৰ তেজ আদি জলত দিবি । মই জলত থাকিম" বুলি ভৈৰৱী দেৱী অন্তৰ্ধান হ'ল ৷
সেইদিনাৰে পৰা দেৱালয়ৰ দেউৰীসকলে গোঁসানীৰ নামত উৎসৰ্গিত ভোগ, নৈবেদ্য আৰু বলিৰ তেজ আদি কাপোৰেৰে ঢাকি পবিত্ৰভাৱে নদীত দিয়াৰ পাছতহে ভক্তই প্ৰসাদ গ্ৰহণ কৰা নিয়ম চলি আহিছে ।
আমি যাক 'দেৱী' বা 'মা' বুলি শ্ৰদ্ধা ভক্তি কৰো সেয়াই আদ্যশক্তি গোঁসানী । মঠ, মন্দিৰ, দৌল, দেৱালয়, থান আদি সকলো দেৱী পূজাৰ গুৰিতে আছে এই শক্তি । তেওঁ ইমান প্ৰাচীন আৰু সকলো বস্তুৰ আধাৰ যে তেৱেঁই আদ্য । সেয়েহে দেৱী ভাগৱতে কৈছে-
"যা দেবী সর্বভূতেষু
শক্তিৰূপেন সংস্থিতা"
অৰ্থাৎ জীৱ জড়িত সকলো বস্তুতে ব্যপ্ত হৈ থকা এই শক্তি দুৰ্গা শক্তি বা দেৱী শক্তি ।
পোনতে দুৰ্গা পূজা মানে দশভূজা দুৰ্গামূৰ্তিহে পূজিত হৈছিল । পাছলৈ সিংহ বাহিনীৰে পূজিতা হ'ল । তাৰপাছত বংগ দেশৰ সামন্ত ৰজা কৃষ্ণচন্দ্ৰই পোন প্ৰথমবাৰৰ বাবে দেৱী দুৰ্গাৰ লগত লক্ষী, পৰ্বতীয়া, গণেশ আৰু কাৰ্তিককো সংলগ্ন কৰিলে ৷ বৰ্তমান আমি দেখা দুৰ্গা প্ৰতিমা এইৰূপৰেই কল্পিত ।
উল্লেখযোগ্য যে, দেৱী দুৰ্গাক শস্যৰ দেৱী হেন জ্ঞান কৰি শাকম্ভৰী ৰূপেও পূজা কৰা হয় । এয়া দেখাতেই আদিম যুগৰ কৃষি পৰম্পৰাৰে সংযোগ হোৱা অন্য এক ভক্তি ৰসৰ ধাৰণা । মন কৰিবলগীয়া যে তৰু, লতা, বৃক্ষ আদিৰে কল্পিত দেৱীৰ নৱ-পত্ৰিকাৰ ৰূপো কৃষি যুগৰেই পৰম্পৰা । দৰাচলতে দেৱীৰ ধাৰণা প্ৰাক বৈদিক যুগৰ । ইয়াৰ মূল কথাটোৱেই হৈছে মাতৃত্ব । সমস্ত জীৱজগত তেওঁৰ সন্তান । সেয়েহে তেওঁ শস্যদাত্ৰী, জলদাত্ৰী, অন্নদাত্ৰী সকলো ।
লগতে পঢ়ক: নগাঁৱৰ বিভিন্ন পূজা মণ্ডপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা