ETV Bharat / city

মন্দিৰ-মছজিদতকৈও এজন ব্যক্তি নিৰ্মাণ কৰাটো বেছি পবিত্ৰ কৰ্ম: অমিত শ্বাহ - ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী

অৰুণাচল প্ৰদেশৰ টিৰাপত শণিবাৰে ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী সমাৰোহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah in Arunachal) ৷ দুদিনীয়া ভ্ৰমণসূচী লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত উপস্থিত হৈ ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী অনুষ্ঠানত ভাগ লৈ কয় যে ৰামকৃষ্ণ মিছন হৈছে সমগ্ৰ ৰাষ্ট্ৰৰ বাবে আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনা প্ৰাপ্তিৰ কেন্দ্ৰস্বৰূপ (Home Minister hails Ramakrishna Mission for rectifying issues of North East) ।

মন্দিৰ-মছজিদতকৈও এজন ব্যক্তি নিৰ্মাণ কৰাটো বেছি পবিত্ৰ কৰ্ম: অমিত শ্বাহ

author img

By

Published : May 21, 2022, 9:20 PM IST

তেজপুৰ, 21 মে': "মই যেতিয়াই অৰুণাচল প্ৰদেশলৈ আহো, তেতিয়াই ইয়াৰ জনসাধাৰণে মোক "জয় হিন্দ" বুলি সম্ভাষণ জনাই আৰু এনেকুৱা দেশপ্ৰেম একমাত্ৰ অৰুণাচল প্ৰদেশতে দেখিবলৈ পাওঁ আৰু তাৰ তাৰ বাবে মই অতিকৈ গৌৰৱাম্বিত৷" অৰুণাচল প্ৰদেশৰ টিৰাপত শণিবাৰে ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী সমাৰোহত ভাগ লৈ এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister hails Ramakrishna Mission for rectifying issues of North East) ৷

তেওঁ আৰু কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহ বিগত ২০১৪ চনৰ আগলৈকে নানা সমস্যাৰে জৰ্জৰিত আছিল ৷ কিন্তু আজি সমগ্ৰ দেশে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক মৰমৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে ৷ তাৰবাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যয়ো গৌৰৱৰে কব বিচাৰে যে আমি ভাৰতৰ অবিচ্ছেদ্য অংগ ।

মন্দিৰ-মছজিদতকৈও এজন ব্যক্তি নিৰ্মাণ কৰাটো বেছি পবিত্ৰ কৰ্ম: অমিত শ্বাহ
মন্দিৰ-মছজিদতকৈও এজন ব্যক্তি নিৰ্মাণ কৰাটো বেছি পবিত্ৰ কৰ্ম: অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচী লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত উপস্থিত হৈ ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী অনুষ্ঠানত ভাগ লৈ আৰু কয় যে ৰামকৃষ্ণ মিছন হৈছে সমগ্ৰ ৰাষ্ট্ৰৰ বাবে আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনা প্ৰাপ্তিৰ কেন্দ্ৰস্বৰূপ (Golden jubilee of Ramkrishna Mission) ।

ৰামকৃষ্ণ পৰমহংসদেৱৰ শিক্ষা প্ৰসাৰ কৰাটো অতি গধুৰ কাম ৷ আনহাতে স্বামী বিবেকানন্দৰ বিচাৰ সকলোৰে বাবে এক মাৰ্গ দৰ্শন হৈ ৰব হৈ ৰব বুলিও তেঁও মন্তব্য কৰে । বিবেকানন্দই গুৰু ৰামকৃষ্ণৰ শিক্ষা আৰু আদৰ্শ সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰি আটাইতকৈ ডাঙৰ গুৰু দক্ষিণা দি থৈ গৈছে বুলি মন্তব্য কৰি তেঁও কয় যে আজিৰ যুৱ প্ৰজন্ম স্বামীৰ আদৰ্শ আৰু জ্ঞানেৰে সমৃদ্ধ হব লাগিব ।

অনুষ্ঠানটোত গৃহমন্ত্ৰী গৰাকীয়ে বক্তব্য ৰাখি মন্দিৰ-মছজিদ নিৰ্মাণতকৈও এজন ব্যক্তি নিৰ্মাণ কৰাটো বেছি পবিত্ৰ কৰ্ম বুলি মন্তব্য কৰি তেনে মানৱ সম্পদ নিৰ্মাণৰ অবিৰত 50 বছৰ অতিক্ৰম কৰাৰ বাবে বিদ্যালয় খনৰ লগত জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে দিল্লীৰ পৰা ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত পোনেপোনে হেলিকপ্টাৰ যোগে দেউমালিত উপস্থিত হোৱা গৃহমন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানত উপস্থিত হোৱাৰ প্ৰাক মুহূৰ্তত নৰোত্তম নগৰত নিৰ্মাণ হোৱা স্বামী বিবেকানন্দৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰাৰ লগতে গো দান কাৰ্যসূচীতো অংশগ্ৰহণ কৰে । ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীয়ে পোনে পোনে অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ হেলিকপ্টাৰ যোগে যাত্ৰা কৰে ।

লগতে পঢ়ক: আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসম আৰু কেৰালাৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.