ETV Bharat / city

AFSPA in North East কেতিয়া অন্ত পৰিব সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত পুনৰ আৰোপ কৰা হ'ল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ৷ উত্তৰ পূবত সঘনাই বাহাল হৈ থকা কি এই ক'লা আইন, চাওঁক এই প্ৰতিবেদন ।

কেতিয়া অন্ত পৰিব সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

author img

By

Published : Oct 5, 2020, 11:38 AM IST

Updated : Aug 13, 2022, 8:42 AM IST

তেজপুৰ, 5 অক্টোবৰ : উত্তৰ পূৰ্বাঞ্চলত সঘনাই প্ৰযোজ্য হৈ থকা এখন বিতৰ্কিত আৰু ক'লা আইন, যাৰ ক্ষমতাৰে বলিয়ান হৈ সশস্ত্ৰ বাহিনীয়ে সততে অপব্যৱহাৰ কৰে নিজৰ শক্তিৰ ৷ কি হয় এইখন আইন ? কিয় বাৰে বাৰে বাহাল হৈ থাকে এই ক'লা আইন ? যিখন আইনৰ সহায়ত সুৰক্ষা বাহিনী আৰু সেনাবাহিনীক সম্পূৰ্ণ নিজস্ব অধিকাৰ দিয়া আছে, সেই আইনখন হৈছে Armed Forces (special) Power Act, অৰ্থাৎ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ৷

ভাৰত ৰাষ্ট্ৰৰ অংগ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই প্ৰথমে আৰম্ভ হৈছিল সশস্ত্ৰ বিদ্ৰোহ ৷ নগা বিদ্ৰোহী সংগঠনে ভাৰত ৰাষ্ট্ৰৰ পৰা স্বাধীনতা বিচাৰি আৰম্ভ কৰিছিল এই সশস্ত্ৰ বিদ্ৰোহ ৷ এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা জন্ম লাভ কৰে বহুকেইটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে অশান্ত কৰি তোলে ৷ এনে অৱস্থাত ভাৰত চৰকাৰে এইটো অঞ্চলত শান্তি স্থাপনৰ বাবে বিভিন্ন ধৰণে চিন্তা-চৰ্চা কৰিবলৈ লয় আৰু অৱশেষত 1958 চনৰ 11 ছেপ্টেম্বৰত গৃহীত কৰে এখন বিতৰ্কিত আইন ৷ সেই সময়ৰ কংগ্ৰেছ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি স্থাপনৰ বাবেই গৃহীত কৰিছিল সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইন অৰ্থাৎ AFSPA (Armed Forces (special) Power) আইন ৷

লগতে পঢ়ক : নগা বিদ্ৰোহৰ ইতিহাস

বহু বিতৰ্কিত এই আইনখন প্রথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য হৈছিল 1976 চনত ৷ সেই সময়ৰ অসমৰ অন্তৰ্গত নগা পাহাৰত বিদ্ৰোহী কাৰ্যকলাপ দমন কৰিবলৈ চৰকাৰে আৰোপ কৰিছিল এই আইন । কিন্তু বহু সময়ত এই আইনৰ অপব্যৱহাৰ হোৱা বুলি সততে প্ৰশ্ন উত্থাপিত হৈ আহিছিল আৰু এই আইনখনক লৈ উত্তৰ-পূৰ্বাঞ্চলৰ সাধাৰণ জনতা ভীতিগ্ৰস্ত হৈ পৰিছিল ৷ উগ্ৰপন্থী কাৰ্যকলাপ ৰোধ কৰিবলৈ আৰু স্পৰ্শকাতৰ অঞ্চলত চোকা দৃষ্টি নিক্ষেপ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই আইন মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু অসমত জাপি দিছিল ৷ এই আইনৰ সহায়ত এটা অঞ্চলক স্পৰ্শকাতৰ অঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু ইয়াক তিনিমাহলৈ বাহাল ৰখা হয় ৷ প্ৰথম অৱস্থাত অবিভক্ত অসমৰ অধীনস্থ নগা পাহাৰত ইয়াক বলৱৎ কৰা হৈছিল আৰু পৰৱৰ্তী দশকৰ পৰা এই আইন অসম, নাগালেণ্ড, মণিপুৰ, অৰুণাচলৰ চাংলাং, লংডিং আৰু টিৰাপ জিলা আৰু অসমৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ আঠখনকৈ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত ই বলৱৎ হৈ আছে ৷

1983 চনত ইয়াক সংশোধন কৰি পঞ্জাৱ আৰু চণ্ডীগড়ত বলৱৎ কৰা হৈছিল আৰু 1997 চনত ইয়াক উঠাই লোৱা হৈছিল ৷ আনহাতে 1990 চনত জম্মু-কাশ্মীৰৰ বাবেও ইয়াক সংশোধন কৰি বলৱৎ কৰা হৈছিল আৰু এতিয়াও ই বাহাল হৈ আছে ৷

এই বিতৰ্কিত আইনখনৰ ইতিহাস লক্ষ্য কৰিলে ইয়াৰ ভেটি প্ৰতিষ্ঠা কৰিছিল ব্ৰিটিছসকলে ৷ 1942 চনৰ ভাৰত ত্যাগ আন্দোলন দমণ কৰিবলৈ ব্ৰিটিছে জাৰী কৰিছিল The Armed Forces Special Powers Ordinanceৰ অধীনত চাৰিখনকৈ অধ্যাদেশ ৷ ইয়াৰ ভিতৰত আছিল বেংগল অধ্যাদেশ, অসম স্পৰ্শকাতৰ অঞ্চল অধ্যাদেশ, ইউনাইটেড প্ৰভিন্স স্পৰ্শকাতৰ অঞ্চল অধ্যাদেশ আৰু ইষ্ট বেংগল স্পৰ্শকাতৰ অঞ্চল অধ্যাদেশ ৷ এইসমূহ অধ্যাদেশৰ ভিত্তিতে 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিচতেই ইয়াক আইনত পৰিণত কৰাৰ বাবে ভাৰত চৰকাৰে সংবিধানপ্ৰদত্ত ক্ষমতা লাভ কৰে ৷ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 355ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে যিকোনো এখন ৰাজ্যক অন্তৱৰ্তী বিদ্ৰোহৰ পৰা ৰক্ষা কৰিবৰ অধিকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ 3 খন জিলাত আফচপা বলবৎ

1952 চনৰ দেশৰ প্ৰথম সাধাৰণ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লৈছিল নাগা নেশ্বনেল কাউন্সিল নেশ্বনে ৷ এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে 1953 চনত নগা পাহাৰত Assam Maintenance of Public Order (Autonomous District) আইন বলৱৎ কৰি বিদ্ৰোহীক দমণ কৰিবলৈ আৰক্ষী বাহিনীক নিয়োগ কৰে ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক জটিল হোৱাত অসম স্পৰ্শকাতৰ অঞ্চল আইন, 1955 গৃহীত কৰি এইটো অঞ্চলৰ অন্তৱৰ্তী সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰা হয় আছাম ৰাইফলছক ৷ ইয়াৰ দ্বাৰাই এইটো অঞ্চলত অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্যিক সশস্ত্ৰ আৰক্ষী বাহিনীক বিদ্ৰোহী দমণৰ অধিকাৰ প্ৰদান কৰা হৈছিল ৷ কিন্তু আছাম ৰাইফলছ আৰু ৰাজ্যিক সশস্ত্ৰ আৰক্ষী বাহিনীয়ে নগা বিদ্ৰোহ দমণত ব্যৰ্থ হোৱাৰ লগতে নাগা নেশ্বনেলিষ্ট কাউন্সিলে 1956 চনৰ 23 মাৰ্চত নাগালেণ্ডত "The Federal Government of Nagaland" নামে এখন সমান্তৰাল চৰকাৰ গঠন কৰে ৷ ইয়াৰ পিচতেই সেই সময়ৰ ৰাষ্ট্ৰপতি ড৹ ৰাজেন্দ্ৰ কুমাৰে সশস্ত্ৰ বাহিনী (অসম আৰু মণিপুৰ) বিশেষ ক্ষমতা অধ্যাদেশ 1958 জাৰী কৰে আৰু 11 ছেপ্টেম্বৰত সশস্ত্ৰ বাহিনী (অসম আৰু মণিপুৰ) বিশেষ ক্ষমতা আইনত পৰিণত হয় ৷

এই আইনে সংশ্লিষ্ট ৰাজ্যখনৰ গৱৰ্নৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকক ইয়াৰ অন্তৰ্গত অঞ্চলক ইয়াৰ ধাৰা 3ৰ অধীনত "স্পৰ্শকাতৰ" হিচাপে ঘোষণা কৰিবলৈ ক্ষমতা প্ৰদান কৰে ৷ এই ক্ষমতা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 355ৰ অধীনত বলৱৎ কৰা হয় আৰু সশস্ত্ৰ বাহিনী বাহিনীক ইয়াৰ অধীনত বিশেষ ক্ষমতা প্ৰদান কৰে ৷ এই আইন অসম, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মিজোৰামত প্ৰযোজ্য কৰা হয় ৷ সশস্ত্ৰ বাহিনী (অসম আৰু মণিপুৰ) বিশেষ ক্ষমতা আইন, 1958ক সাধাৰণতে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, 1958 হিচাপে জনা যায় আৰু ইয়াক সততে আফস্পা, 1958 বুলি কোৱা হয় ৷ ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত হ্ৰাস পোৱা বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰতি সন্মতিৰে ইতিমধ্যে এই আইন উঠাই লৈছে ৷ কিন্তু এতিয়াও উত্তৰ পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যত এই ক'লা আইন বলৱৎ হৈ আছে ৷ 2015ৰ জুনত নাগালেণ্ডক পুনৰ এবছৰৰ বাবে এই আইনৰ অধীনত অনা হয় ৷ 2016ৰ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাক স্পৰ্শকাতৰ হিচাপে ঘোষণা কৰি এই আইন বাহাল ৰখাৰ লগতে 2018ৰ এপ্ৰিলত পুনৰ ছমাহৰ বাবে ইয়াৰ ম্যাদ বৃদ্ধি কৰা হয় আৰু চলিত বৰ্ষৰ 3 অক্টোবৰ পুনৰ 2021 চনৰ 31 মাৰ্চলৈ ইয়াক বাহাল কৰা হয় ৷ আনহাতে চলিত বৰ্ষৰ 26 আগষ্টত অসমৰ বাবেও এই আইন বলৱৎ কৰা হয় আৰু অৰুণাচল তথা নাগালেণ্ড সীমান্তৱৰ্তী জিলাসমূহত ইয়াৰ ম্যাদ বৃদ্ধি কৰা হয় ৷

লগতে পঢ়ক : আশান্ত নাগালেণ্ডঃ বলবৎ AFSPA

1983চনৰ সশস্ত্ৰ বাহিনী (পঞ্জাৱ আৰু চণ্ডীগড়) অধ্যাদেশক সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱ আৰু চণ্ডীগড়ৰ বাবে উক্ত বৰ্ষৰ 6 অক্টোবৰত ইয়াক আইনত পৰিনত কৰে আৰু 15 অক্টোবৰত দুয়োখন অঞ্চলৰ বাবেই ইয়াক বলৱৎ কৰাৰ লগতে অতিৰিক্তভাৱে দুটাকৈ ক্ষমতা সংযোজন কৰা হয় ৷ ধাৰা 8ৰ অধীনস্থ উপ-ধাৰা (ই)ৰ সহায়ত যিকোনো বাহনত সন্দেহজনক বিস্ফোৰক অথবা অপৰাধীৰ গতিবিধি ৰোধ কৰিবলৈ ৰখাই দিয়া, তালাচী লোৱা আৰু বলপূৰ্বকভাৱে জব্দ কৰাৰ ক্ষমতা দিয়া হয় ৷ আনহাতে ধাৰা 5ৰ সহায়ত সেনাক যিকোনো তলা ভংগ কৰিবলৈ ক্ষমতা দিয়া হয় ৷ কিন্তু ইয়াক বলৱৎ কৰাৰ 14 বৰ্ষ পিচতে দুয়োটা অঞ্চলৰ পৰা ইয়াক উঠাই লোৱা হয় ৷ আনহাতে 1990 চনৰ ছেপ্টেম্বৰত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন জম্মু-কাশ্মীৰৰ বাবেও বলৱৎ কৰা হয় আৰু এইটো অঞ্চলক ৰাজ্যৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচত এতিয়াও এই আইন বলৱৎ হৈ আছে ৷

ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰসমূহক কেইটামান বিশেষ কাৰণত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিবলৈ ক্ষমতা প্ৰদান কৰে ৷ স্থানীয় সমস্যা সমাধানত স্থানীয় প্ৰশাসন আৰু স্থানীয় আৰক্ষী ব্যৰ্থ হ'লে, ৰাজ্যসমূহৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী উঠাই লোৱাৰ পিচত দেখা দিয়া অশান্তিকৰ পৰিস্থিতি, স্থানীয় বাহিনীৰ বাবে ৰাজ্যখনত উদ্ভাৱন হোৱা অশান্তিকৰ পৰিস্থিতিৰ স্থিতি ব্যাপক হ'লে এই আইন বলৱৎ কৰিব পাৰে ৷ ভাৰতীয় সংবিধানে ৰাজ্য চৰকাৰসমূহক কেইটামান বিশেষ কাৰণত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিবলৈ ক্ষমতা প্ৰদান কৰে ৷ স্থানীয় সমস্যা সমাধানত স্থানীয় প্ৰশাসন আৰু স্থানীয় আৰক্ষী ব্যৰ্থ হ'লে, ৰাজ্যসমূহৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী উঠাই লোৱাৰ পিচত দেখা দিয়া অশান্তিকৰ পৰিস্থিতি, স্থানীয় বাহিনীৰ বাবে ৰাজ্যখনত উদ্ভাৱন হোৱা অশান্তিকৰ পৰিস্থিতিৰ স্থিতি ব্যাপক হ'লে সংশ্লিষ্ট ৰাজ্যসমূহে কেন্দ্ৰীয় বাহিনীৰ সহায় ল'ব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক উক্ত ৰাজ্যসমূহত নিয়োগ কৰে ৷ কিন্তু সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন তেতিয়াই বলৱৎ হয় যেতিয়াই কোনো এটা অঞ্চলক "স্পৰ্শকাতৰ" হিচাপে ঘোষণা কৰা হয় ৷

লগতে পঢ়ক : ক্ষমতালৈ আহিলেই সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ সংশোধনী কৰিব কংগ্ৰেছে

সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনৰ অধীনত "স্পৰ্শকাতৰ" অঞ্চলত নিয়োজিত হৈ থকা সেনা বিষয়াই আইন-শৃংখলাজনিত পৰিস্থিতি মোকাবিলা কৰিবলৈ সন্দেহজনক ব্যক্তিৰ ওপৰত ব্যক্তিজনৰ মৃত্যু হ'লেও গুলিচালনা কৰিব পাৰে, যিকোনো অস্ত্ৰভাণ্ডাৰ ধ্বংস কৰাৰ লগতে সশস্ত্ৰ বিদ্ৰোহী লুকাই থকা যিকোনো স্থানতে অভিযান চলাব পাৰে, কোনোধৰণৰ পাৰোৱানা নোহোৱাকৈ এগৰাকী ব্যক্তিক সন্দেহৰ ভিত্তিতে আটক কৰিব পাৰে, ব্যক্তিগৰাকীক আটক কৰিবলৈ যিকোনো স্থানত অভিযান চলাব পাৰে, সন্দেহজনক অস্ত্ৰৰ সৰবৰাহৰ বাবে যিকোনো বাহনক ৰখাই তালাচী ল'ব পাৰে, আটকাধীন ব্যক্তিগৰাকীক ততালিকে নিকটৱৰ্তী আৰক্ষী চকীত হাজিৰ কৰোৱাৰ লগতে এজাহাৰ দাখিল কৰিব পাৰে, সেনা বিষয়াক সকলোধৰণে কাৰ্য সম্পাদন কৰিবলৈ ক্ষমতা প্ৰদান কৰাৰ লগতে তেওঁ কোনোধৰণৰ আইনী বিষয়ৰ আওঁতাত নাহে, এই আইনৰ অধীনত কাম কৰা ব্যক্তিক চৰকাৰীভাৱে কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পিচতহে সুৰক্ষা প্ৰদান কৰিব পাৰে ৷ এক কথাত ক'বলৈ গ'লে সেই সময়ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা অভিযান সুচল কৰিবলৈ আৰু সাধাৰণ মানুহ উগ্ৰপন্থীৰ সৈতে জড়িত নহ'বৰ বাবে এই আইনৰ সহায়ত সেনাবাহিনীক প্ৰদান কৰা হৈছিল অপৰিসীম ক্ষমতা । কিন্তু 2016ৰ 8 জুলাইত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানৰ জৰিয়তে এই আইনৰ অধীনত সেনা বিষয়াক প্ৰদান কৰা ক্ষমতাসমূহ বাতিল কৰে ৷

বহু সময়ত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈ অহাৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰতো ইয়াৰ বিৰুদ্ধে মানৱাধিকাৰ ভংগৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এই আইনৰ জৰিয়তে ভাৰতীয় সেনাক সম্পূৰ্ণ অধিকাৰ দিয়া হৈছে যাতে উগ্ৰপন্থী বিৰোধী অভিযানত সেনাৰ সম্পূৰ্ণ দখল থাকে আৰু এই আইনৰ অধীনত স্থানীয় আৰক্ষী বা ৰাইজৰ কোনো ধৰণৰ মতামত ব্যক্ত কৰিব নোৱাৰে । কিন্ত মণিপুৰত এই আইনৰ বাবে বহুতো বিৰোধ চলিছিল আৰু তাৰ প্ৰধান বিৰোধিতা কৰিছিল মহিলাই আৰু ইয়াৰ মূল নেতৃত্বত দিছিল লৌহ নাৰী ইৰম শৰ্মিলাই ৷ এই আইনৰ বিৰুদ্ধে 2000 চনৰ 5 নৱেম্বৰৰ পৰা ইৰম শৰ্মিলাই অনিৰ্দিষ্টকালীন অনশনত বহিছিল আৰু 2016ৰ 9 আগষ্টত এই আন্দোলনৰ ভংগ কৰিছিল । এই আইনৰ ফলত উত্তৰ পূৰ্বাঞ্চলত মানৱ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰা এক পৰ্যায় পাইছিল । মহিলাসকলে অৰ্ধ উলংগ হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । শেহতীয়া কৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উত্তৰ পূৰ্বাঞ্চলৰ অতি স্পৰ্শকাতৰ জিলাসমূহৰ তালিকাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ 3 খন জিলাত পুনৰ 6 মাহৰ বাবে আইনখনৰ ম্যাদ বৃদ্ধি কৰিছে । অৰুণাচল প্ৰদেশৰ তিনিখন জিলা টিৰাপ,চাংলাং আৰু লংডিঙক কেন্দ্ৰীয় চৰকাৰে অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰি 2021ৰ 31 মাৰ্চলৈ এই আইন পুনৰ বলৱৎ কৰে ৷ 1 অক্টোবৰ পৰা গৃহীত হোৱা এই জিলা কেইখনৰ অধীনত 4 খন আৰক্ষী থানা সামৰি লোৱা হৈছে আৰু ই অসমৰ সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল । এই আৰক্ষী থানাকেইখন হৈছে নামচাই, নামচাই জিলাৰ মহাদেৱপুৰ, ৰয়িং নামনি ডিবাং ভেলী আৰু লোহিত জিলাৰ অন্তৰ্গত চোনপৰা । আনহাতে অৰুণাচল প্ৰদেশৰ 3 খন প্ৰধান জিলাৰ অন্তৰ্গত এনএছচিএন (কে), এনএছচিএন (আইএম)ৰ তৎপৰতা অধিক, দুমাহ পূৰ্বে লংডিং অঞ্চলত এই উগ্ৰপন্থীৰ লগত সেনাবাহিনীৰ গুলীচালনা সংঘটিত হৈছিল য'ত অৰুণাচল প্ৰদেশৰ কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । দেওবাৰেও অৰুণাচলত আছাম ৰাইফলছৰ ওপৰত উগ্ৰপন্থীয়ে আক্ৰমণ চলায় আৰু এই আক্ৰমণত 19 আছাম ৰাইফলছৰ এগৰাকী ৰাইফলমেন শ্বহীদ হয় ৷

লগতে পঢ়ক : ৬ মাহৰ বাবে অসমক পুনৰ 'অশান্ত অঞ্চল' ঘোষণা

বিতৰ্কিত এই আইনখন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে, সশস্ত্ৰ বাহিনীৰ দ্বাৰা সংঘটিত হোৱা অভিযানসমূহ তদন্ত প্ৰক্ৰিয়াৰ অন্তৰ্গত ৷ সংঘৰ্ষৰ বলি হোৱাজন এগৰাকী সাধাৰণ নাগৰিক অথবা এগৰাকী বিদ্ৰোহী অথবা এগৰাকী সন্ত্ৰাসবাদীৰ বিপৰীতে সংঘটিত কৰাজন এগৰাকী সাধাৰণ ব্যক্তি অথবা ৰাজ্যই হওক তেওঁলোক সকলো তদন্তৰ আঁওতালৈ আহিব লাগে ৷ দুয়োপক্ষৰ বাবে আইন সমান আৰু দুয়োপক্ষৰ বাবে আইন সমানে প্ৰযোজ্য ৷ এয়া গণতন্ত্ৰৰ বাবে প্ৰয়োজনীয় আৰু আইন-শৃংখলা অটুট ৰাখিবলৈ তথা ব্যক্তিস্বাধীনতাৰ সুৰক্ষাৰ বাবে ইয়াক তদন্তৰ আওঁতাত অনাটো খুবেই জৰুৰী ৷ দ্বিতীয় প্ৰশাসনিক সংস্কাৰ আয়োগে পাব্লিক অৰ্ডাৰ সন্দৰ্ভত ইয়াৰ পঞ্চমখন প্ৰতিবেদনত এই আইন বাতিল কৰাৰ বিষয়ে উল্লেখ কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সৈতে হোৱা বৈষম্য দুৰ কৰিবলৈ ইয়াক বাতিল কৰাৰ লগতে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, 1967ক সংশোধন কৰি ইয়াৰ অধীনত সশস্ত্ৰ বাহিনীক উত্তৰ পূৰ্বাঞ্চলত মোতায়েন কৰাৰ বাবে মতপোষন কৰে ৷ ন্যায়াধীশ জীভন ৰেড্ডী আয়োগেও এই আইনখনক ঘৃণাৰ চিহ্ন হিচাপে বিবেচিত কৰি ইয়াক বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল যদিও কেন্দ্ৰীয় চৰকাৰে দহ বছৰ ধৰি ইয়াক আওঁকান কৰাৰ পিচত 2005ৰ 6 জুনত আয়োগে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰে ৷

লগতে পঢ়ক : কিমান গ্ৰহণযোগ্য সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন !

বিতৰ্কিত এই আইনৰ অধীনত বহুটো ভুৱা সংঘৰ্ষত সশস্ত্ৰ বাহিনীৰ হাতত নিধন হোৱা লোকৰ সংখ্যাৰ সঠিক তথ্য কাৰো হাততে মজুত নাই ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এন. সন্তোষ হেগড়েৰ দ্বাৰা গঠিত সন্তোষ হেগড়ে আয়োগে 2013ত মণিপুৰত সংঘৰ্ষৰ ফলত হোৱা 6টাকৈ মৃত্যুৰ ঘটনাৰ তদন্তৰ ভাৰ লাভ কৰে ৷ ন্যায়াধীশ হেগড়ে, প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত জেএম লিংডো আৰু এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা গঠিত আয়োগে নিহত হোৱা আটাইকেইগৰাকীয়ে কোনো অপৰাধজনিত ঘটনাৰ সৈতে জড়িত নাছিল বুলি ইয়াৰ প্ৰতিবেদনত উল্লেখ কৰে ৷ সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইনক অধিক তদন্তৰ আওঁতালৈ অনাৰ লগতে সশস্ত্ৰ বাহিনীক অধিক উত্তৰদায়ী কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ আয়োগে কেন্দ্ৰীয় চৰকাৰক বিদ্ৰোহজনিত অঞ্চলটোত হোৱা বেআইনী হত্যাৰ সৈতে নিৰাপত্তা বাহিনীৰ লোক জড়িত হৈ আছে নে অন্যায় কামৰ সৈতে জড়িত হৈ আছে সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনা দিছিল ৷ আয়োগে উল্লেখ কৰিছিল যে, উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰৰ দৰে ঠাইত শান্তি স্থাপনৰ বাবে এই আইন বলৱৎ কৰা হয় ৷ কিন্তু প্ৰতি ছমাহৰ অন্তত ইয়াৰ পুনৰীক্ষণ কৰাটো সমানে গুৰুত্বপূৰ্ণ ৷ আইনখনৰ ধাৰা 6 ৰ অধীনত সশস্ত্ৰ বাহিনীক প্ৰদান কৰা হোৱা সুৰক্ষাৰ বিৰুদ্ধে আয়োগে ইয়াৰ দ্বাৰা কোনো ব্যৱস্থা যে গ্ৰহণ কৰিব পৰা নাযাব তাক নুবুজায় বুলি উল্লেখ কৰিছিল ৷ সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ যথাযথ অনুমোদনৰ পিছতহে বুলি আয়োগে উল্লেখ কৰিছিল ৷

Last Updated : Aug 13, 2022, 8:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.