আমগুৰি, 29 অক্টোবৰ : আমগুৰিৰ নামতিত বৃহস্পতিবাৰে পুৱাই এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । প্ৰাতঃভ্ৰমন কৰিবলৈ অহা একাংশ লোকে মৃতদেহটো পথৰ দাঁতিত পৰি থকা প্ৰত্যক্ষ কৰে ৷ নামতিৰ ফুটপাথত ওপৰলৈ মুখ কৰি পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো । পিন্ধনত ৰঙা টি চাৰ্ট, জিন্চ পেন্ট আৰু ডিঙিত এখন গামোচা থকা অচিনাক্ত ব্যক্তিজনৰ মৃতদেহটো কি দৰে নামতিৰ ফুটপাথত উদ্ধাৰ হ'ল তাক লৈ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত নামতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । প্ৰায় পঞ্চাছ উৰ্দ্ধৰ ব্যক্তিজনৰ শৰীৰত প্ৰাথমিক তদন্তত কোনো আঘাতৰ চিন দেখা পোৱা নাই ।
লগতে পঢ়ক : নতুন ভূমি নীতিঃ জম্মু-কাশ্মীৰত কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ