আমগুৰি 31আগষ্ট: ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক (Tense situation in Sivasagar ) ৷ মঙলবাৰে নিশা শিৱসাগৰৰ গৌৰীসাগৰৰ দিখৌমুখ তেলিয়াডোঙাত সোপাধৰাৰ উত্তেজনা ৷ সোপাধৰাৰ সন্দেহত ৰাইজে উত্তম-মাধ্যম দিলে এজন লোকক (Kidnapper in Sivasagar) ৷
ঘটনা অনুসৰি, মঙলবাৰে নিশা অঞ্চলটোত সন্দেহজনকভাৱে অচিনাকি ব্যক্তিজনে চলা-ফুৰা কৰি আছিল ৷ অচিনাকী ব্যক্তিজনে এইদৰে সন্দেহদজনকভাৱে চলা-ফুৰা কৰি থাকোতে স্থানীয় লোকে সন্দেহ কৰি ব্যক্তিজনৰ পৰিচয় সোধে ৷ পিছে পৰিচয় সোধোতেই দৌৰাত একাংশ লোকে মাৰধৰ কৰে ব্যক্তিজনক (Man attacked on suspicion of kidnapper) ৷ ক্ৰমাৎ পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাত ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এটা আৰক্ষীৰ দল এটা উপস্থিত হয় যদিও উপস্থিত আৰক্ষীকো আক্ৰমণ কৰে স্থানীয় ৰাইজে ৷
ফলত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে প্ৰায় ৫০০ মিটাৰ খোজকাঢ়ি উন্মত্ত লোকৰ কাষৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দল উপস্থিত হৈ উন্মত্ত লোকৰ পৰা অচিনাকি ব্যক্তিজনক উদ্ধাৰ কৰে ৷ আহত ব্যক্তিজন বিহাৰৰ সুনীল কুমাৰ (24) বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি শিৱসাগৰ মেডিকেলত চিকিৎসাধীন হৈ আছে সুনীল কুমাৰ ৷
লগতে পঢ়ক: বৰপেটাৰ পিছত এইবাৰ যোগীঘোপা মাদ্ৰাছাত চলিল উচ্ছেদ অভিযান