ETV Bharat / city

সম্ভাৱনাৰ ৰৌদ্ৰোজ্বল বাটেৰে শিৱসাগৰৰ এখন ব্যতিক্ৰমী গাঁও - শিৱসাগৰ জিলাৰ বেলিমুখীয়া চাংমাই গাঁও

কৰ্মসংস্কৃতিৰে জাতিষ্কাৰ আমগুৰিৰ বেলিমুখীয়া চাংমাই গাঁও ৷ ক্ষুদ্ৰ উদ্যোগৰ বিকশিত ৰূপ ৷

বেলিমুখীয়া চাংমাই গাঁৱৰ কৰ্মব্যস্ত এজন লোক
author img

By

Published : Oct 9, 2019, 1:15 PM IST

শিৱসাগৰ, 9 অক্টোবৰ: শিৱসাগৰ জিলাৰ ঐতিহাসিকভাৱে সমৃদ্ধ বেলিমুখীয়া চাংমাই গাঁও । আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওখনত আহোম ৰজাৰ দিনত দুষ্ট প্ৰকৃতিৰ ব্যক্তিক বেলিৰ ফালে মুখ কৰি শাস্তি দিয়াৰ বাবে বেলিমুখীয়া হোৱা বুলি কয় । আনহাতে কোনো কোনোৱে কয় দক্ষিণমুৱাকৈ এজন ব্যক্তি থিয় হ'লে বেলিটো মুখতে পৰে বাবে বেলিমুখীয়া হ'ল বুলি ক'ব খোজে ।

ধৰ্মীয় ৰীতি-নীতিৰে সমৃদ্ধ গাঁওখনৰ বয়োজ্যেষ্ঠসকলে একতাৰ ডোলেৰে সম্প্ৰীতিৰে হৰি নামৰ অমিয়া মাদকতাত ডুব যায় ।

কৃষিজীৱি গাঁওখনৰ বহু পৰিয়ালে পাচি, খৰাহী, জাকৈ, বিচনী, জুলুকী সাজি পৰিয়াল পোহপাল দি আহিছে । কিছু পৰিয়ালে জাল গোঁঠি বিক্ৰী কৰিও আহিছে । মহিলাসকলেও পাতিধৰা বনাই কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰি আহিছে । গাঁওখনৰ বিৰেন বৰুৱা, দুলু ৰাজখোৱা, ৰাতুল বৰুৱাকে ধৰি বহুকেইটা পৰিয়ালে এৰীপলু পুহি জীৱিকা নিৰ্বাহ কৰি আহিছে ।

মহিলাসকলো কোনো ক্ষেত্ৰতে পিছপৰা নহয়। জেউতি আত্মসহায়ক গোটৰ যোগেদি মেখেলা, চাদৰ, গামোচা, ৰুমাল বৈ উলিওৱাৰ লগতে ড'ৰমেট, চেয়াৰ বেগ, ফুলদানিৰ যোগেদিও আৰ্থিকভাৱে আগবাঢ়ি গৈছে ।

বেলিমুখীয়া চাংমাই গাঁৱৰ প্ৰগতিশীল যাত্ৰা
গাঁওখনে শিক্ষাৰ ক্ষেত্ৰতো সম্ভাৱনা বহন কৰিছে । ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খন পৰিস্কাৰ-পৰিচ্ছন্ন । শিক্ষাৰ্থীসকলে নিজ হাতেৰে অনন্য সুন্দৰ সামগ্ৰী সাজি উলিয়াই হাতৰ কামৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ।চৰকাৰীভাৱে পিছপৰা গাঁওখনক আগবঢ়াই নিবলৈ হ'লে বহু ক্ষেত্ৰত আৰ্থিকভাৱে সহযোগিতা আগবঢ়াব লাগিব । গাঁওতেই বিকাশৰ পূৰ্ণ সম্ভাৱনা থকাৰ পিছতো কৰ্মঠ মহিলাসকলক উপযুক্ত পৰিয়ালক চৰকাৰে আৰ্থিকভাৱে সহযোগিতা আগবঢ়ালে অসমৰ অৰ্থনীতি বহু পৰিমাণে আগবাঢ়ি যাব ।

Intro:Body:শিৱসাগৰ জিলাৰ ঐতিহাসিকভাৱে সমৃদ্ধ বেলিমুখীয়া চাংমাই গাঁও। আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওখনত আহোম ৰজাৰ দিনত দুষ্টপ্ৰকৃতিৰ ব্যক্তিক বেলিৰ ফালে মুখ কৰি শাস্তি দিয়াৰ বাবে বেলিমুখীয়া হোৱা বুলি কয় । আনহাতে কোনো কোনোৱে কয় দক্ষিণমুৱাকৈ এজন ব্যক্তি থিয় হ'লে বেলিটো মুখতে পৰে বাবে বেলিমুখীয়া হ'ল বুলি ক'ব খোজে।

ধৰ্মীয় ৰীতি-নীতিৰে সমৃদ্ধ গাঁওখনৰ বয়োজ্যেষ্ঠসকলে একতাৰ ডোলেৰে সম্প্ৰীতিৰে হৰি নামৰ অমিয়া মাদকতাত ডুব যায়।

কৃষীজীৱি গাঁওখনৰ বহু পৰিয়ালে পাঁচি, খৰাহী, জাকৈ, বিচনী, জুলুকী সাজি পৰিয়াল পোহপাল দি আহিছে। কিছু পৰিয়ালে জাল গোঁঠি বিক্ৰী কৰিও আহিছে। মহিলাসকলেও পাতিধৰা বনাই কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰি আহিছে।গাঁওখনৰ বিৰেন বৰুৱা, দুলু ৰাজখোৱা, ৰাতুল বৰুৱাকে ধৰি বহুকেইটা পৰিয়ালে পাতপলু পুহি জীৱিকা নিৰ্বাহ কৰি আহিছে।

মহিলাসকলো কোনো ক্ষেত্ৰতে পিছপৰা নহয়। জেউতি আত্মসহায়ক গোটৰ যোগেদি মেখেলা, চাদৰ, গামোচা, ৰুমাল বৈ উলিওৱাৰ লগতে ড'ৰ মেট, চেয়াৰ বেগ, ফুলদানিৰ যোগেদিও আৰ্থিকভাৱে আগবাঢ়ি গৈছে।

গাঁওখন শিক্ষাৰ ক্ষেত্ৰতো পিছপৰা নহয়। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খন পৰিস্কাৰ-পৰিচ্চন্ন। শিক্ষাৰ্থীসকলে নিজ হাতেৰে অনন্যসুন্দৰ সামগ্ৰী সাজি উলিয়াই হাতৰ কামৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

চৰকাৰীভাৱে পিছপৰা গাঁওখনক আগবঢ়াই নিবলৈ হ'লে বহু ক্ষেত্ৰত আৰ্থিকভাৱে সহযোগিতা আগবঢ়াব লাগিব। গাঁওতেই বিকাশৰ পূৰ্ণ সম্ভাৱনা থকাৰ পিছতো কৰ্মঠ মহিলাসকলক উপযুক্ত পৰিয়ালক চৰকাৰে আৰ্থিকভাৱে সহযোগিতা আগবঢ়ালে অসমৰ অৰ্থনীতি বহু পৰিমাণে আগবাঢ়ি যাব।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.