আমগুৰি, 8 এপ্ৰিল: বাৰিষা অহাৰ লগে লগে নৈপৰীয়া লোকসকলৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হৈ পৰে নাওঁখন । বিশেষকৈ বানপীড়িত নৈপৰীয়া লোকসকলৰ বাবে বাৰিষাকালত বানপানীৰ সময়ত শেষ ভৰষা হৈ পৰে নাওঁখন ৷ শিৱসাগৰ জিলাৰ দিখৌমুখত এটা নাওঁ বনোৱা কাৰখানা আছে (boat making industry in Sivsagar)। দিখৌমুখ গুৱাল গাঁওত বিগত 20 বছৰে অচ্যুত সাধনিদাৰে নাওঁ নিৰ্মাণ কৰি বিক্ৰী কৰি আহিছে ।
নিজ গৃহতে নাও নিৰ্মাণৰ কাৰখানা গঢ়ি তুলি 12 জনকৈ লোকক কৰ্মসংস্থাপন দিয়াৰ লগতে নিজেও আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিছে । হাত নাওঁৰপৰা মেচিন নাওঁ পৰ্যন্ত নিৰ্মাণ কৰি অসমৰ বিভিন্ন জিলালৈ নাওঁ প্ৰেৰণ কৰি আহিছে ৷
যোৰহাট, মাজুলি, ডিব্ৰুগড়, লক্ষীমপুৰৰ লগতে অসমৰ বিভিন্ন জিলাৰ বানপীড়িত এলেকাৰ লোকে অচ্যুত সাধনিদাৰৰ কাৰখানাৰ পৰা নাওঁ ক্ৰয় কৰে । এজাৰ কাঠেৰে বনোৱা একোখন নাওৰ দাম 15 হাজাৰৰ পৰা 5 লাখ পৰ্যন্ত হয় বুলি অচ্যুত সাধনিদাৰে জনায় । মাজুলীৰ শালমৰাৰ নাওঁ বনোৱা খনিকৰে অচ্যুত সাধনিদাৰৰ কাৰখানাত বিগত বহু বছৰ ধৰি এই কাম কৰি আহিছে ।
এই বৰ্ষত বানপীড়িত লোকৰ বাবে প্ৰায় 50 খন নাও নিৰ্মাণৰ বাবে সাজু কৰি তুলিছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে 15 খনৰো অধিক নাওঁ বিক্ৰী কৰিছে । ইফালে নাওঁ বনোৱা লোকসকলক কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপায় বুলি ক্ষোভ উজাৰি আক্ষেপ কৰে এই নাওঁ বনোৱা কাৰখানাত কাম কৰা মিস্ত্ৰিসকলে ৷
লগতে পঢ়ক : মোডী চৰকাৰৰ কৃপাত দেশবাসীৰ ওপৰত ১,২৫,৪০৭ কোটি টকাৰ বোজা : ছলমান খুৰছিদ