ETV Bharat / city

শৰাই আগবঢ়াই কাক প্ৰাৰ্থনা কৰিলে আমগুৰিৰ বৰুৱাপুখুৰী গাঁও পঞ্চায়তৰ লোকে ?

author img

By

Published : Jul 1, 2022, 12:35 PM IST

আমগুৰিৰ বৰুৱাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ দ-পৰ্বতীয় নাহৰ আলি সংযোগী ঔতল পথটোৰ দুৰৱস্থাই জ্বলাকলা খোৱাইছে স্থানীয় লোকক (Roads in rural areas have upset the people) ৷ পথটো নিৰ্মাণ কৰাৰ বাবে পঞ্চায়ত প্ৰতিনিধি আৰু আমগুৰি সমষ্টিৰ বিধায়কক কাতৰ প্ৰাৰ্থনা অঞ্চলবাসীৰ ৷

Local people Protest at Amguri to build the Road
শৰাই আগবঢ়াই কাক প্ৰাৰ্থনা কৰিলে আমগুৰিৰ বৰুৱাপুখুৰী গাঁও পঞ্চায়তৰ লোকে

আমগুৰি, ১ জুলাই: আমগুৰিত ধাৰাষাৰ বৰষুণৰ ফলত বিধ্বস্ত হৈ উঠিছে গ্ৰামাঞ্চলৰ বাট-পথসমূহ ৷ বৰুৱাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ দ-পৰ্বতীয় নাহৰ আলি সংযোগী ঔতল পথটো একাঠু বোকা হৈ পৰাত ক্ষোভিত হৈ উঠিছে স্থানীয় লোকসকল (Roads in rural areas have upset the people) ৷ স্থানীয় লোকে বাৰম্বাৰ চৰকাৰ তথা প্ৰশাসনক অৱগত কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত পথটো পুনঃনিৰ্মান নকৰাত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় লোকে ৷

বৰ্তমান পথটোৰ বিধ্বস্ত অৱস্থাত অতিষ্ঠ হৈ শনিবাৰে স্থানীয় লোকে একাঠু বোকাময় পথত শৰাই দি তামোল-পাণ লৈ চৰকাৰৰ সুমতিৰ বাবে প্ৰাৰ্থনা কৰে ৷ তেওঁলোকে "নাজানোহো আৱাহন, নাজানোহো বিসৰ্জন" প্ৰাৰ্থনাৰে মহিলাসকলে জনপ্ৰতিনিধিক দায়-দোষ নধৰি গ্ৰাম্য পথটো শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ দাবী জনায় ৷ ইয়াৰ উপৰি জৰাজীৰ্ণ পথটোৰ মাজত মহিলাসকলে ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, ঔতল পথটোৱেদি যান-বাহন যোৱাটো দূৰৈৰ কথা, স্কুল-কলেজ তথা কাৰ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে জীয়াতু ভুগিব লগা হৈছে ৷ বিশেষকৈ জৰুৰীকালীন অৱস্থাত ৰোগীক চিকিৎসালয়লৈ লৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় (Difficult to get patients to hospital in an emergency) ৷

ভুই ৰুই প্ৰতিবাদ

এনে পৰিস্থিতিত কোনো লোকক অসুস্থ হ’লে ঠেলাত খৰিকটীয়া আলিলৈ আনিবলগীয়া হয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ যাৰবাবে স্থানীয় মহিলাসকলে শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বৰুৱাপুখুৰী পঞ্চায়তৰ জনপ্ৰতিনিধি আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক শীঘ্ৰে গ্ৰাম্যপথটো মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ প্ৰাৰ্থনা জনায় ৷

লগতে পঢ়ক : অসম ত্ৰিপুৰা সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত যোগাযোগ বিচ্ছিন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.