শিৱসাগৰ, 15 মাৰ্চ : মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰীকৰণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে শিৱসাগৰ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ইউনিয়নৰ সদস্যসকলে ৷ 2005 চনৰ পৰা বিনা বেতনে কাম কৰি অহা কৰ্মচাৰীসকলে তেওঁলোকক চতূৰ্থ শ্ৰেণীৰ কৰ্মচাৰী মৰ্যদা প্ৰদান কৰা,৫০০০ টকা মাননি বাৰ মাহে প্ৰদান কৰা,পেঞ্চন,চিকিৎসা আদি সুবিধা সমূহ প্ৰদান কৰা আদি দাবী উত্থাপন কৰি আহিছে ৷ যদিও শেহতীয়াকৈ চৰকাৰে তেওঁলোকৰ এই দাবীসমূহ আওকাণ কৰি সমগ্ৰ মধ্যাহ্ন ভোজন আঁচনিখন বেচৰকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । লগতে চৰকাৰৰ এনে সিদ্ধান্ত বাতিলৰ দাবীত জিলা সদৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই শুকুৰবাৰৰ পৰা চাৰিদীনিয়া কাৰ্যসূচীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।
শিৱসাগৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন সন্থাৰ ধৰ্ণা কাৰ্যসূচী - মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন
বেচৰকাৰী সংস্থালৈ আঁচনি হস্তান্তৰ কৰাৰ প্ৰতিবাদত ৰাজপথত কৰ্মচাৰীসকল