শিৱসাগৰ, 18 মাৰ্চ : বসন্ত ঋতুৰ এই সময়চোৱাত কৃষিকাৰ্য আৰম্ভ কৰাৰ আগে আগে ভাৰতৰ হিন্দু সমাজে পালন কৰে ফাকুৱা অৰ্থাৎ হোলী উৎসৱ(Holi Celebration in India) । মূলতঃ হোলী ৰঙৰ উৎসৱ । হোলীৰ লগত জড়িত হৈ থাকে প্ৰেম আৰু আনন্দ । অন্যায়ৰ ওপৰত ন্যায়ৰ প্ৰতিষ্ঠা হোলী উৎসৱৰ আন এক বাৰ্তা ।
ৰাধা-কৃষ্ণৰ প্ৰেম প্ৰতিফলিত হোৱা হোলী তথা ফাকুৱা দুদিনীয়াকৈ পালন কৰা হয় । প্ৰথম দিনটোৰ নিশা পালন কৰা হয় হলিকা দাহন । ভগৱান বিষ্ণুৱে নৰসিংহৰ ৰূপ ধৰি হিৰণক্যশিপুক বধ কৰিছিল । ইয়াৰ পূৰ্বে নৰসিংহই ভষ্ম কৰিছিল হিৰণক্যশিপুৰ ভনীয়েক হলিকাক । এই ঘটনাক সোৱৰি হোলীৰ আগদিনা পালন কৰা হলিকা দাহন (Holika dahan celebration) ।
সেই অনুসৰি দুদিনীয়াকৈ পালন কৰা হোলীৰ প্ৰথম দিনটোৰ সন্ধিয়াৰ পৰা হোলী উৎসৱ উদযাপন কৰা হয় । বৃহস্পতিবাৰে শিৱসাগৰ নগৰৰ মাৰোৱাৰী সমাজে হলিকা দাহনৰ পূৰ্বে পালন কৰে "পনৰী" পৰম্পৰা (Panari tradition followed before Holika dahan) । এই উপলক্ষ্যে শিৱসাগৰ নগৰৰ মাৰোৱাৰী পট্টিৰ পৰা গান-বাজনাৰে এক শোভাযাত্ৰা বাহিৰ কৰা হয় । এই শোভাযাত্ৰাৰ বিশেষ আকৰ্ষণ হৈছে এটি দম্পতি ।
সাধাৰণতে অবিবাহিত এজন পুৰুষক মহিলা সজাই দৰা-কইনাৰ ভাও লৈ এক ধেমেলীয়া শোভাযাত্ৰা বাহিৰ কৰা হয় । এই যাত্ৰাৰ সময়চোৱাত সকলোকে আপ্যায়নৰ বাবে থাকে বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰীও । "পনৰী" পৰম্পৰা পালনৰ পাছত নিশালৈ হলিকা দাহন কৰি পিছদিনা ৰঙৰ উৎসৱ পতা হয় । বিলোৱা হয় প্ৰেম আৰু ভাতৃত্ববোধৰ আবিৰ অৰ্থাৎ ফাকুৱা ।
লগতে পঢ়ক : ফল্গুৎসৱ উপলক্ষে উখল মাখল পৰিৱেশ বটদ্ৰৱা থানৰ বাকৰিত