ETV Bharat / city

ঘৰ ভাড়া দিব নোৱাৰি পদপথত আশ্ৰয় ল'বলৈ বাধ্য এটা পৰিয়াল

author img

By

Published : Jul 18, 2020, 9:54 PM IST

শিৱসাগৰত অমানুষিক ঘটনা ৷ ঘৰৰ মালিকে বাহিৰ কৰিলে ছয়জনীয়া পৰিয়ালক ৷ উপায়হীন হৈ পদপথত আশ্ৰয় লৈছিল পৰিয়ালটোৱে ৷ অৱশেষত প্ৰশাসনৰ সহায়ত পুনৰ ভাড়াতীয়া ঘৰলৈ উভতিবলৈ সক্ষম হ'ল পৰিয়ালটো ৷

ছয়জনীয়া মণ্টু ভূঞাৰ পৰিয়াল
ঘৰ ভাড়া দিব নোৱাৰি পদপথত আশ্ৰয় ল'বলৈ বাধ্য এটা পৰিয়াল

শিৱসাগৰ, 18 জুলাই : শিৱসাগৰত অমানুষিক ঘটনা ৷ লক ডাউনৰ বাবে ঘৰভাড়া দিব নোৱাৰাত ছয়জনীয়া পৰিয়ালক ঘৰৰ পৰা বাহিৰ কৰিলে ঘৰৰ মালিকে । এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ খাট পথাৰত । খাট পথাৰৰ লিপিকা আচাৰ্য নামৰ এগৰাকী মহিলাৰ ঘৰত বিগত ছমাহৰ পৰা ভাড়াতীয়াৰূপে আছিল মণ্টু ভূঞাৰ পৰিয়াল ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ভূঞাৰ পৰিয়ালটোক অতি অমানৱীয়ভাৱে ঘৰৰ পৰা বাহিৰ কৰে ঘৰৰ মালিক লিপিকা আচাৰ্যই ৷

উল্লেখ্য যে, মণ্টু ভূঞাই ঘৰৰ ভাড়া দিবলৈ বাকী আছিল 2500 টকা । কৰ'ণা মহামাৰী আৰু বানে ৰাজ্যত বিধংসী ৰূপ ধাৰণ কৰাৰ সময়ত দিন হাজিৰা কৰিবলৈ সক্ষম নোহোৱা বাবে মন্টু ভূঞাই দিব পৰা নাছিল ভাড়া ৷ মণ্টু ভূঞাৰ পৰিয়ালত আছে তেওঁৰ পত্নী ৰিজু, চাৰি সন্তান ক্ৰমে বেবী, দেৱীকা, ৰুবুল আৰু পৰিস্মিতা ৷ ছয় জনীয়া পৰিয়ালটোক যোৱা বৃহস্পতিবাৰেই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে লিপিকা আচাৰ্যই । ঘৰৰ পৰা একো আনিবলৈ নিদি এনেদৰে বাহিৰ কৰি দিয়াৰ ফলত পৰিয়ালটোৱে নগৰৰ পদপথত আশ্ৰয় লব লগা হয় ।

ঘটনা সন্দৰ্ভত প্ৰশাসন অৱগত হোৱাত তৎকালীনভাৱে জিলা প্ৰশাসন, শ্ৰম বিভাগ আৰু আৰক্ষী উপস্থিত হৈ নিথৰুৱা পৰিয়ালটোক তেওঁলোকৰ ঘৰত প্ৰৱেশৰ ব্যৱস্থা কৰে । সংকটৰ এই সময়ছোৱাত চৰকাৰে সকলো ভাড়াঘৰৰ মালিকক মানৱীয় আচৰণ প্ৰকট কৰি ঘৰ ভাড়া আদি ৰেহাই দিবৰ বাবে আহ্বান জনাই আহিছে । কিন্তু এচাম লোকে কিঞ্চিত সহানুভূতিও প্ৰদৰ্শন নকৰি এনেদৰে অমানৱীয় আচৰণ কৰাৰ বাবেই নিথৰুৱা হৈছে একাংশ দূৰ্ভগীয়া পৰিয়াল ৷

লগতে পঢ়ক : খাদ্য বিচাৰি জনাঞ্চলত অবাধ বিচৰণ কাজিৰঙাৰ জীৱকূলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.