ETV Bharat / city

শুৰপোকৰ আক্ৰমণত নষ্ট বিঘাই বিঘাই সেউজীয়া কৃষিভূমি - শিৱসাগৰ জিলাৰ নামতিত শুৰপোকৰ আক্ৰমণ

বাৰিষাৰ অন্ত পৰাৰ লগে লগেই ৰাজ্যত আৰম্ভ হৈছে শুৰপোকৰ আক্ৰমণ ৷ উজনি অসমৰ শিৱসাগৰ জিলাত এতিয়া শুৰপোকৰ আক্ৰমণত নষ্ট হৈছে বিঘাই বিঘাই কৃষিভূমি ৷

শুৰপোকৰ আক্ৰমণত নষ্ট বিঘাই বিঘাই সেউজীয়া কৃষিভূমি

author img

By

Published : Sep 8, 2020, 4:03 PM IST

আমগুৰি, 8 ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ নামতিত বৃহৎ পৰিমাণৰ কৃষিভূমিত চলিছে শুৰপোকৰ ভয়ংকৰ আক্ৰমণ । বিঘাই বিঘাই কৃষিভূমি শুৰপোকে নষ্ট কৰাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল । বানৰ পাছত খেতিয়কৰ মাজলৈ শুৰপোকৰ নামত অহা বিপদক লৈ শংকিত হৈ উঠিছে এইসকল কৃষক । বিঘাই বিঘাই গেৰুলি হ'ব ধৰা খেতি পথাৰত এতিয়া শুৰ পোক,চৰহা পোক আদিয়ে এক ৰাতিৰ ভিতৰতে সকলো ধান খেৰলৈ পৰিৱৰ্তন কৰিছে ।

শিৱসাগৰ জিলাৰ নামতি পথাৰ,মাহমৰা,মাউৎ পথাৰ,খেমদৈ পথাৰ,কমাৰ পথাৰ,বামুণবাৰী পথাৰ আদিকে ধৰি জিলাখনৰ প্ৰতিখন পথাৰতে এই পোকে কৃষকসকলৰ সপোনৰ সেউজীয়াখিনি নষ্ট কৰি পেলাইছে । যাৰ ফলত এতিয়া বিমোৰত পৰিছে কৃষকসকল ।

শুৰপোকৰ আক্ৰমণত নষ্ট বিঘাই বিঘাই সেউজীয়া কৃষিভূমি

আনহাতে এইক্ষেত্ৰত আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ গুৰুত্বহীনতাই ক্ষোভিত কৰিছে কৃষকসকলক । পোকবোৰক কীটনাশক দি ধ্বংস নকৰিলে খেতিয়কে এমুঠিও ধান কাটিবলৈ নাপাব ।কৃষকসকলক চৰকাৰীভাৱে প্ৰদান কৰা ঔষধে কোনো ভাল ফলাফল দিব পৰা নাই । বৰঞ্চ সেই ঔষধ মৰাৰ পাছত বেছিকৈহে পোক লাগিছে বুলি কৃষকসকলে জনাইছে । এইক্ষেত্ৰত আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে কৃষকসকল ভয়ানক সমস্যাৰ সন্মুখীন হ'ব বুলি আশংকা কৰা হৈছে ।

লগতে পঢ়ক : 55 বছৰৰ মুৰত ফেৰীঘাট মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.