ETV Bharat / city

পদপথত লাইফ ড্ৰপছ স্থাপন শিৱসাগৰৰ যুৱকৰ

গৰমৰ দিনত বাটৰ জীৱ-জন্তুক পানী যোগান ধৰাৰ উদ্দেশ্যে অভিনৱ পন্থা গ্ৰহণ শিৱসাগৰৰ যুৱকৰ ৷

পদপথত লাইফ ড্ৰপছ স্থাপন শিৱসাগৰৰ যুৱকৰ
পদপথত লাইফ ড্ৰপছ স্থাপন শিৱসাগৰৰ যুৱকৰ
author img

By

Published : Apr 19, 2021, 7:13 PM IST

Updated : Apr 19, 2021, 10:28 PM IST

শিৱসাগৰ,19 এপ্ৰিল: শিৱসাগৰ জিলাৰ মেটেকা ঘাটৰ প্রতিভাৱান যুৱক অভিজিৎ দুৱৰাই পুনৰ পথৰ জীৱ-জন্তুৰ সুবিধাৰ বাবে উদ্ভাৱন কৰি উলিয়াইছে পানী খোৱাৰ ব্যৱস্থা অথবা "লাইফ ড্ৰপছ" । এই ব্যৱস্থাৰ দ্বাৰা মূলতঃ বাটত ঘূৰি ফুৰা জীৱ-জন্তুবোৰে পানী খোৱাত সুবিধা হ’ব ৷

পদপথত লাইফ ড্ৰপছ স্থাপন শিৱসাগৰৰ যুৱকৰ

গৰমৰ দিনত বাটত ঘূৰি ফুৰা জীৱ-জন্তুবোৰৰ খোৱাপানীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ কাষত সহজতে পাব পৰা পানীৰ ব্যৱস্থা কৰে যুৱকজনে ৷ উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে অভিজিত দুৱৰাই "বাটৰ ঘৰ" নাম দি পথৰ কুকুৰবোৰক থাকিবৰ বাবে এক ঘৰ নিৰ্মাণ কৰি দিছিল ।

সোমবাৰে পুনৰ এই যুৱকজনে বাটৰ জীৱ-জন্তুয়ে পানী খোৱাৰ সুবিধা হোৱাৰ অর্থে "লাইফ ড্ৰপছ" নামেৰে নামাকৰণ কৰি নগৰৰ বিভিন্ন ঠাইত স্থাপন কৰে । বাইকৰ পেলনীয়া টায়াৰৰ পৰা তৈয়াৰ কৰা হৈছে এই সঁজুলি । উল্লেখ্য যে, অভিজিৎ দুৱৰাই এতিয়ালৈকে প্রায় ৪৫ টাতকৈ অধিক যন্ত্ৰ ব্যৱস্থাৰ উদ্ভাৱনেৰে মানুহৰ লগতে আন জীৱৰ উপকাৰ সাধন কৰি আহিছে । শিৱদৌলৰ সমীপত জিলাখনৰ অতিৰিক্ত উপায়ুক্তৰ দ্বাৰা "লাইফ ড্ৰপছ" আনুষ্ঠানিকভাৱে স্থাপন কৰা হয় ৷

লগতে পঢ়ক : পশ্চিমবংগৰ জনসভাত অংশগ্ৰহণ জে পি নাড্ডা-অমিত শ্বাহৰ

Last Updated : Apr 19, 2021, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.