ETV Bharat / city

শিৱসাগৰত চিকিৎসা সেৱা সন্থাৰ প্ৰতিবাদ

author img

By

Published : Nov 1, 2021, 6:41 PM IST

অসম চিকিৎসা সেৱা সংস্থাই তেওঁলোকৰ বিভিন্ন দাবী সন্দৰ্ভত ১৯ অক্টোবৰৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল ৷ সন্থাই এই প্ৰতিবাদৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে OPD সেৱাসমূহ প্ৰদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয় । ৩ নৱেম্বৰলৈ অব্যাহত থাকিব এই প্ৰতিবাদ ।

doctors-protest-at-sivasagar
শিৱসাগৰত চিকিৎসা সেৱা সন্থাৰ প্ৰতিবাদ

শিৱসাগৰ, 1 নৱেম্বৰ : অসম চিকিৎসা সেৱা সংস্থাই চিকিৎসা সেৱাৰ সৈতে জড়িত তেওঁলোকৰ বিভিন্ন দাবীৰ সন্দৰ্ভত প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰে অংশ হিচাপে সোমবাৰে অসম চিকিৎসা সেৱা সন্থাৰ শিৱসাগৰ জিলা গোটে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পালন কৰে কৰ্মবিৰতি । চিকিৎসা খণ্ডৰ বৰ্হিবিভাগৰ দায়িত্বত থকা চিকিৎসক-কৰ্মচাৰীসকলে কৰ্মবিৰতিৰ পালনৰ জড়িয়তে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীসকলৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰে ।

শিৱসাগৰত চিকিৎসা সেৱা সন্থাৰ প্ৰতিবাদ

সন্থাই পদোন্নতি, টাইম স্কেল পদোন্নতি, কেডাৰ পুনৰ পৰ্যালোচনা, দৰমহা গাঁথনিৰ বৈষম্য দূৰ কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে । সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে ধাৰাবাহিকভাবে গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, বিগত মাহত চিকিৎসক সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণৰ অৰ্থে বৰ্হিবিভাগৰ চিকিৎসা সেৱা সাময়িকভাৱে বৰ্জন কৰিছিল । কিন্তু চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত আজিৰে পৰা পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে অসম চিকিৎসা সেৱা সংস্থাই ৷ সন্থাই তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নল’লে অনাগত সময়ত সমগ্ৰ চিকিৎসা খণ্ডটো স্থৱিৰ কৰি তোলাৰ ভাবুকি দিয়ে ৷

লগতে পঢ়ক : ৰাজ্যত ১৯ অক্টোবৰৰ পৰা ব্যাহত হ'ব OPD সেৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.