ধুবুৰী, 4 নৱেম্বৰ : ধুবুৰীৰ ভিন্ন অঞ্চলত আৰক্ষীৰ সফল অভিযানত উৎখাত হ'ল অবৈধ প্ৰমাণ পত্ৰ আৰু ছিলৰ কাৰখানা । গোপনীয়ভাৱে কম্পিউটাৰৰ জৰিয়তে একাংশই চলাইছিল অবৈধ প্ৰমাণ পত্ৰ আৰু অবৈধ ছিলৰ ব্যৱসায় ।
![ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-04nov-police-raid-7203850_04112020081216_0411f_1604457736_595.jpg)
ধুবুৰী আৰক্ষীৰ গোপন অভিযানত উৎখাত হয় এইটো অবৈধ প্ৰমাণ পত্ৰ আৰু ছিলৰ কাৰখানা । আৰক্ষীৰ অভিযানত জব্দ লেপটপকে ধৰি প্ৰিণ্টাৰ আৰু বহু পৰিমাণৰ অবৈধ ছিল আৰু বিশেষ প্ৰমাণ পত্ৰৰ লগতে প্ৰমাণ পত্ৰ বনোৱা পেপাৰ । এই চক্ৰৰ সৈতে জড়িত থকা দুজন লোকক আটক কৰি অধিক তথ্য উদঘাটনৰ বাবে জেৰা চলাইছে আৰক্ষীয়ে ।
![ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-04nov-police-raid-7203850_04112020081216_0411f_1604457736_871.jpg)
ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত পৰা লোকদুজন আগমনি কালডোৱা অঞ্চলৰ মফিদুল ইছলাম আৰু ধুবুৰীৰ হালগৰা অঞ্চলৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : নেপাল সেনাৰ সন্মানীয় সেনাপ্ৰধানৰ দায়িত্বত স্থলসেনা প্ৰধান জেন. নাৰাৱানে