ETV Bharat / city

আলফা প্ৰসংগত পুনৰ সৰৱ ডিজিপি ভাস্কৰজ্যোতি মহন্ত - DGP Bhaskarjyoti Mahanta on ULFA I

‘‘সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত কিছুমান সিদ্ধান্ত আমি হঠাতে লৈ নলওঁ । অভিযোগৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে ৷ অসম পুলিচ বহি থাকিব নোৱাৰে ।’’ এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (DGP Bhaskarjyoti Mahanta on ULFA-I) ৷

Assam police will take counter measure
আলফা প্ৰসংগত পুনৰ সৰৱ ডিজিপি
author img

By

Published : May 25, 2022, 4:05 PM IST

শিৱসাগৰ, 25 মে': আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই একাংশ টেলিভিছন চেনেলত সাক্ষাৎকাৰ (Paresh Baruah interview in media) দিয়াটো আইনগতভাৱে বৈধ নে অবৈধ সেই বিষয়ে পৰীক্ষা-নিৰীক্ষা কৰি আছে অসম আৰক্ষীয়ে ৷ শিৱসাগৰত আজি এই কথা প্ৰকাশ কৰাছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta on ULFA-I) ৷

আলফা প্ৰসংগত পুনৰ সৰৱ ডিজিপি

তেওঁ কয়, ‘‘প্ৰেছৰ স্বাধীনতাৰ ক্ষেত্ৰত কিছুমান সিদ্ধান্ত আমি হঠাতে লৈ নলওঁ । যিখিনি বৈধ ব্যৱস্থাপনা আছে, তাত অভিযোগৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে’’ l তেওঁ আৰু কয় যে কোনোবাই ক'ৰবাত বোমা দিব, ক'ৰবাত অপহৰণ কৰিব, পইচা লুটিব, গতিকে অসম পুলিছে কাউন্টাৰ মিজাৰখিনি ল'বই লাগিব (Assam police will take counter measure)। ৰাইজে সেইটো বিচাৰে । আমি লম, ষ্ট্ৰংকৈ ল’ম । আমাৰ মানুহৰ কোনো লোকচান নহওক । অসম পুলিচ বহি থাকিব নোৱাৰে ।

উল্লেখ্য যে, গুণোৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকী আজি শিৱসাগৰত উপস্থিত হয় ৷

লগতে পঢ়ক: শিৱসাগৰত বৰ্হি মূল্যায়কৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.