ETV Bharat / city

চীনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ ঐক্য সেনা অসমৰ

চীনৰ পতাকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতিৰ । ভাৰত চীন সীমান্তত শ্বহীদ হোৱা 20 জনকৈ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ঐক্য সেনা অসমৰ ।

চীনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ ঐক্য সেনা অসমৰ
চীনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ ঐক্য সেনা অসমৰ
author img

By

Published : Jun 17, 2020, 8:17 PM IST

শিৱসাগৰ, 17 জুনঃ ভাৰত-চীন সীমান্তৰ পূব লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্ৰমণত 20 জনকৈ ভাৰতীয়া সেনা শ্বহীদ হোৱা ঘটনাই মৰ্মাহত কৰি তুলিছে এতিয়া প্রতিজন দেশবাসীক । একেলগে বিশ জনকৈ ভাৰতীয় সেনা বাহিনীৰ জোৱান শ্বহীদ হোৱা ঘটনাত এতিয়া ৰঙা চীনৰ প্রতি গৰজি উঠিছে সর্বত্রে ।

চীনা সৈন্যৰ বর্বৰ আক্ৰমণৰ বিৰুদ্ধে বুধবাৰে শিৱসাগৰত গৰজি উঠিল ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতি । বিয়লি 4.30 বজাত নগৰৰ বাবুপটিত অৱস্থিত ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত সামাজিক দুৰত্ব বজাই হাতে হাতে প্লে-কার্ড লৈ চীনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলৰ কর্মীসকলে ।

ইয়াৰ উপৰি শ্বহীদ জোৱান সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্রার্থনা কৰাৰ লগতে চীনৰ পতাকা দাহ কৰে ঐক্য সেনা অসমৰ সদস্য সকলে ।

লগতে প্ৰতিবাদস্থলীৰ পৰাই চীনৰ লগত সকলো বৈদেশিক চুক্তি নাকচ কৰা,জনপ্ৰিয় চীনা এপ টিক টক বৰ্জন কৰা, বিভিন্ন চীনা সামগ্ৰী বৰ্জন কৰা বিষয় সমূহ গুৰুত্ব সহকাৰে ল'বলৈ মন্তব্য আগবঢ়াই ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাই । আনহাতে শ্বহীদ পৰিয়ালৰ লোকক সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিবলৈও চৰকাৰলৈ আহ্বান জনাইেছে দলটোৱে ।

লগতে চাওকঃ মোডীজি ওলাই আহক, এতিয়া চীনৰ সৈতে মুখামুখি হোৱাৰ সময় আহি পৰিছেঃ প্ৰিয়ংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.