শিৱসাগৰ, 30 জুন : শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত বৃহস্পতিবাৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা(Declare Assam's flood and erosion a national problem), বান-গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, ঔষধ, শিশু খাদ্য, পশুধনৰ খাদ্য যোগান ধৰাৰ দাবীত সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সংগঠনটোৱে লগতে এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক অসমৰ জনসাধাৰণক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰো দাবী জনায় ৷
উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যত বান গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যত এই পৰ্যন্ত বানত 151 জন লোকৰ মৃত্যু হোৱাৰ লগতে 31,54,556 লোক ক্ষতিগ্ৰস্ত হৈছে ৷ বানৰ কৱলত আছে প্ৰায় 91,349.26 হেক্টৰ কৃষিভূমি ৷ বহু পৰিয়াল গৃহহীন, ভূমিহীন হৈ মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়াৰো অৱস্থাৰ সৃষ্টি হৈছে ৷ এইবাৰেই নহয় প্ৰতিবছৰে বান-গৰাখহনীয়াই অসমৰ জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰি আহিছে ৷
এনে পৰিস্থিতিত অসমৰ বান গৰাখহনীয়া সমস্যাক বিজ্ঞানসন্মত পদ্ধতিৰে সমাধান কৰাৰ লগতে ইয়াৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সংগঠনে সময়ে সময়ে চৰকাৰক দাবী জনাই আহিছে ৷ অসমৰ বান খহনীয়াত ক্ষতিগ্ৰস্তক সকাহ দিবলৈ কেন্দ্ৰই যাতে পৰ্যাপ্ত ধনৰাশি মুকলি কৰি দিয়ে তাৰবাবেও ছাত্ৰ সংগঠনটোৱে চৰকাৰক দাবী জনায় ৷ ইয়াৰ সমান্তৰালভাৱে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক : Assam flood : বানাক্ৰান্তক উদ্ধাৰৰ বাবে ক্ৰয় কৰা হ'ব ৫০খন অত্যাধুনিক নাও