ETV Bharat / city

মানৱতাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে এটা সংগঠনে

author img

By

Published : Aug 8, 2021, 7:47 PM IST

সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছে মানৱতা ৷ বস্তুবাদী সময়ে মানৱীয় গুণক যেন আমাৰ মনৰ পৰা ক্ৰমে লুপ্ত কৰি তুলিছে ৷ তেনে সময়তে মানৱতা প্ৰদৰ্শন কৰিলে হিউমেন ৱেলফেয়াৰ ছচাইটিয়ে ৷ মানসিক ৰোগী কবিতা দেৱক কেৰেলাৰ পৰা আনি চাৰি বছৰে শুশ্ৰূষা কৰিলে শিৱসাগৰত ৷ দেওবাৰে কবিতাৰ মৃত্যুত নাছিৰ খানে হিন্দু নিয়মেৰে সম্পন্ন কৰিলে শেষকৃত্য ৷

a-union-that-has-demonstrated-humanity-etv-bharat-assam
মানৱীয়তাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে এটা সংঘঠনে

শিৱসাগৰ, 8 আগষ্ট : গতিশীল জীৱনত ব্যস্ত হৈ পৰা মানুহৰ পৰা হেৰাই গৈছে মানৱীয়তা । বিজ্ঞান, তথ্য, প্ৰযুক্তি আদি সমূহৰ বাবে জীৱন সহজ হৈছে যদিও ক্ৰমে জটিল হৈ পৰিছে মানৱীয় প্ৰমূল্যবোধ । মানুহৰ প্ৰতি মানুহে কৰা মৰম-চেনেহ-দয়াবোৰ যেন দুৰ্লভ হৈ পৰিছে । তথাপিও এতিয়াও কেতবোৰ মানুহ আৰু অনুষ্ঠান আছে যিসমূহে মানুহৰ বাবে চিন্তা, মানুহৰ প্ৰতি দয়াৰ কাৰ্য নিৰন্তৰে চলাই নিছে ।

এই মানৱীয় কাৰ্য কেৱল সুস্থ-সবল মানুহৰ বাবে নহয় । মানসিকভাৱে দুৰ্বল মানুহৰ বাবেও । মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসমূহৰ বাবে । অনুষ্ঠানটোৰ নাম হিউমেন ৱেলফেয়াৰ ছ’চাইটি । এই অনুষ্ঠানটোৱে 2018 চনৰ ফেব্ৰুৱাৰী মাহত কেৰেলাৰ কোঝিকোডেৰ এক মানসিক চিকিৎসালয়ত অসমৰ এগৰাকী যুৱতী চিকিৎসাধীন হৈ থকাৰ তথ্য লাভ কৰে ।

লগে লগে হিউমেন ৱেলফেয়াৰ ছচাইটিৰ এক সঁজাতি দল কেৰেলালৈ গৈ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতী গৰাকীক নিজ ৰাজ্য অসমলৈ আনি শিৱসাগৰৰ নাজিৰাৰ মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰত ৰাখে । যুৱতী গৰাকীৰ নাম কবিতা দেৱ বুলি জনাৰ বাদে হিউমেন ৱেলফেয়াৰ ছচাইটিৰ হাতত আন কোনো তথ্য নাছিল । বহু বিচাৰ-খোচাৰ কৰিও যুৱতী গৰাকীৰ ঠিকনা লাভ কৰিবলৈ সক্ষম নহল ছচাইটি । ফলত তেতিয়াৰ পৰা গেলেকীৰ হাতিপটিত থকা 'জ্যোতি' মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰত যুৱতী গৰাকীক ৰখা হৈছিল ।

হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ পৰিয়ালৰ এক সদস্য হৈ পৰা কবিতা দেৱৰ শাৰীৰিক অসুস্থতাৰ বাবে দেওবাৰে পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় । এই মৃত্যুত ব্যথিত ছ’চাইটিয়ে আত্মীয়হীন কবিতাৰ শেষকৃত্যৰ দায়িত্ব সম্পন্ন কৰে শিৱসাগৰৰ থানামুখ শ্মশানত । পৰিয়ালৰ মুৰব্বীৰ দায়িত্ব পালন কৰে নাছিৰ খানে । এজন মুছলমান ধৰ্মৰ লোকে হিন্দু কবিতাৰ চিতাত জুই দিয়াৰ লগতে হিন্দু নীতি নিয়মেৰে সকলো সম্পন্ন কৰে ।

নাছিৰ খান তথা হিউমেন ৱেলফেয়াৰ ছচাইটিৰ এনে কাৰ্যই পুনৰ প্ৰমাণ কৰি দিয়ে যে আধুনিকতাৰ ধামখুমীয়াত হেৰাই যোৱা মানুহৰ মানৱীয় প্ৰমূল্যবোধ এতিয়াও জীয়াই আছে । মানুহৰ বাবে মানুহে এতিয়াও ভাবে । সেই মানুহ লাগিলে সুস্থ হওক অথবা অসুস্থ । মানসিকভাৱে সৱল হওক অথবা দুৰ্বল, মুঠৰ ওপৰত হিউমেন ৱেলফেয়াৰ ছচাইটিয়ে নিদৰ্শন দাঙি ধৰিলে প্ৰকৃত মানৱীয়তা ।

লগতে পঢ়ক:ক'ভিড প্ৰতিষেধকৰ সংমিশ্ৰনে ভাল ফলাফল দেখুৱাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.