ETV Bharat / city

কিয় বিমানেৰে খাদ্যসামগ্ৰী কঢ়িয়াব লগীয়া হৈছে মিজোৰামে ?

বিমানৰে নিজ ৰাজ্যলৈ খাদ্য কঢ়িয়াইছে মিজোৰামে ৷ ৰাজ্যখনত সম্প্ৰতি দেখা দিয়া খাদ্য সংকটৰ পৰিপ্ৰেক্ষিতত কলিকাতা, শিলচৰৰ বিমান বন্দৰৰ পৰা বিমান যোগে এইদৰে খাদ্য সামগ্ৰী কঢ়িয়াইছে মিজোৰামে ৷

mizoram is carrying food and essential goods through airways to avoid economic blockade on roads of assam
কিয় বিমানেৰে খাদ্যসামগ্ৰী কঢ়িয়াব লগীয়া হৈছে মিজোৰামে?
author img

By

Published : Aug 3, 2021, 4:54 PM IST

শিলচৰ, 3 আগষ্ট : অসমৰ সৈতে সংঘটিত হোৱা সীমা-বিবাদ(Assam Mizoram Border Dispute)ৰ ঘটনাৰ পিছত বিমানৰে নিজ ৰাজ্যলৈ খাদ্য কঢ়িয়াইছে মিজোৰামে ৷ কলিকতা, শিলচৰ বিমান বন্দৰৰ পৰা বিমানেৰে খাদ্য সামগ্ৰী ভৰাই দুয়োটা বিমান বন্দৰৰ পৰা বিমান যোগে নিছে খাদ্য সামগ্ৰী কঢ়িয়াইছে মিজোৰাম চৰকাৰে ৷ ৩৮,৭১১ কেজি সামগ্ৰী লৈ প্ৰথমখন বিমান মঙলবাৰে আইজালৰ লেংপুই বিমানবন্দৰত অৱতৰণ কৰিছে ৷ ইতিমধ্যে, আন কেইবাখনো বিমানৰে খাদ্য নিয়াৰ পৰিকল্পনা কৰিছে মিজো চৰকাৰে ৷

শিলচৰ বিমান বন্দৰ (Silchar Airport) কৰ্তৃপক্ষই টুইট(Tweet) যোগে প্ৰদান কৰিছে এই খবৰ ৷ ইফালে, মিজোৰামত খাদ্য-সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলক লৈও হাহাকাৰ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ প্ৰায়ভাগ পেট্ৰ’ল পাম্পতে সম্প্ৰতি Diesel Nil, Petrol Nil বেনাৰ লাগিছে ৷ অসমৰে সংঘাতৰ পিছতেই মিজোৰামত এইদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনিয়ে দেখা দিছে ৷ চুবুৰীয়া অসমত ঠাইয়ে ঠাইয়ে হোৱা অৱৰোধ কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি ৰখাত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হৈছে মিজোৰামত ৷

mizoram is carrying food and essential goods through airways to avoid economic blockade on roads of assam
বিমানৰে নিজ ৰাজ্যলৈ খাদ্য কঢ়িয়াইছে মিজোৰামে

সীমান্তৰ লাইলাপুৰত যোৱা ২৬ জুলাইত অসমৰ ছয়গৰাকীকৈ জোৱানক গুলীয়াই নিহত কৰাৰ পিছৰে পৰা অসমৰ নাগৰিকে মিজোৰাম অভিমুখী পথ বন্ধ কৰি ৰখাত তীব্ৰ খাদ্য, ইন্ধনজাত সামগ্ৰীৰ নাটনি হৈছে মিজোৰামত ৷ সোমবাৰে পুৱা ৮:১৫ বজাত শিলচৰ বিমানবন্দৰত অৱতৰণ কৰা স্পাইচ এক্সপ্ৰেছ বিমান এখন অৱতৰণ কৰে ৷ বিমানখনে শিলচৰৰ পৰা খাদ্যসামগ্ৰী লৈ পুৱা ১০ বজাত আইজললৈ ৰাওনা হয় ৷

একেদৰে কলিকতাৰ পৰাও খাদ্য-সামগ্ৰী লোড কৰি মিজোৰামলৈ প্ৰেৰণ কৰা হৈছে । সম্প্ৰতি, মিজোৰামৰ চৰকাৰে অসম চৰকাৰৰ বিৰুদ্ধে ৰাজপথৰ অৰ্থনৈতিক অৱৰোধক (economic blockade) সমৰ্থন কৰাৰো অভিযোগ উত্থাপন কৰিছে ৷ অৱশ্যে, বিভিন্ন সংগঠনে ৰাজ্যখনৰ বিৰুদ্ধে পথ অৱৰোধ কৰাৰ সময়তে বৰাক উপত্যকাৰ প্ৰশাসনে প্ৰকাশ কৰিছে যে এনেধৰণৰ অৱৰোধ উঠাই লোৱা হৈছে ৷ ট্ৰাকচালক বা আন বাহনৰ চলাচলৰ বাবে অসমৰ ৰাজপথত কোনো বাধা নাই ৷

লগতে পঢ়ক : অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক : নিনং এৰিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.