ETV Bharat / city

অসম বিশ্ববিদ্যালয়ত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰে হতাহতি একাংশৰ

author img

By

Published : Feb 19, 2020, 7:02 PM IST

Updated : Feb 19, 2020, 7:22 PM IST

Conflict between protesters and Law student in Assam University
অসম বিশ্ববিদ্যালয়ত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰে হতাহতি একাংশৰ

16:20 February 19

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অব্যাহত আছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু গৱেষক ছাত্ৰ-ছাত্ৰী সকলৰ উত্তাল প্ৰতিবাদ ৷ বুধবাৰে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী আৰু আইন বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সৃষ্টি হয় প্ৰচণ্ড হতাহতি ৷

শিলচৰ,19 ফেব্ৰুৱাৰী: ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদত নৱম দিনাও অচল হৈ আছে শিলচৰস্থিত অসম বিশ্ববিদ্যালয় ৷ বিশ্ববিদ্যালয় খনৰ এজন গৱেষক ছাত্ৰ মিলন দাসক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বে-আইনী ভাৱে বহিস্কাৰ কৰাৰ বিৰুদ্ধে উচিত তদন্ত তথা ন্যায় বিচাৰি আজিও বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু গৱেষক ছাত্ৰ-ছাত্ৰী সকলে বিশ্ববিদ্যালয় মূল প্ৰৱেশদ্বাৰৰ সন্মুখত অব্যাহত ৰাখিছে উত্তাল প্ৰতিবাদ ৷

কিন্তু প্ৰতিবাদৰ নৱমটো দিনত অৰ্থাৎ বুধবাৰে প্ৰতিবাদী ছাত্ৰ ছাত্ৰীক ভেঙুচালি কৰি বিশ্ববিদ্যালয় খনৰ আইন বিভাগৰ একাংশ ছাত্ৰ ছাত্ৰীৰে বাছ ভাড়া কৰি আহি জোৰ জবৰদস্তি কৈ বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰাৰ চেষ্টা কৰে ৷ ফলত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী আৰু আইন বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সৃষ্টি হয় প্ৰচণ্ড হতাহতি ৷ অৱশেষত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলৰ অনুৰোধ ৰক্ষা কৰি বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকে আইন বিভাগৰ ছাত্ৰ ছাত্ৰী সকল ৷ উল্লেখ্য যে ছাত্ৰ জনক বহিস্কাৰ সন্দৰ্ভত প্ৰতিবাদী ছাত্ৰ ছাত্ৰী, বিশ্ববিদ্যালয় কর্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ মাজত ইতিমধ্যে বৈঠক অনুষ্ঠিত হৈছে যদিও বৰ্তমানলৈকে একো ফল নধৰাত ক্ষোভিত হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদকাৰী সকলে ৷  

লগতে পঢ়ক: দলগাঁৱত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি অসাৰঃ জৰাজীৰ্ণ দলঙেৰে যাতায়াত অব্যাহত ৰাইজৰ

Last Updated : Feb 19, 2020, 7:22 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.