ETV Bharat / city

কাছাৰত আকৌ আৰম্ভ কয়লা ছিণ্ডিকেট! - কাছাৰত শ শ অবৈধ কয়লাৰ ট্ৰাক

কাছাৰত শ শ অবৈধ কয়লাৰ ট্ৰাক ৷ বন্ধ হোৱা নাই ছিণ্ডিকেট ৷ যোৱা কেইদিনমান অসম-মেঘালয়ৰ সীমান্তৱৰ্তী দিগৰখালৰ কয়লা ছিণ্ডিকেট বন্ধ আছিল যদিও আকৌ আৰম্ভ হৈছে এই অবৈধ বেহা ৷ বৰাকৰ একাংশ যুৱ কংগ্ৰেছীয়ে উত্থাপন কৰিছে এই অভিযোগ ৷

কাছাৰত অব্যাহত কয়লা ছিণ্ডিকেট
author img

By

Published : Oct 15, 2019, 5:14 PM IST

শিলচৰ,15 অক্টোবৰ: কয়লা মাফিয়া,আৰক্ষীসহ বহু ৰাজনৈতিক নেতা-পালি নেতাই কাছাৰত আকৌ আৰম্ভ কৰিছে কয়লাৰ ছিণ্ডিকেট,এই অভিযোগ উত্থাপন কৰিছে কাছাৰৰ যুৱ কংগ্ৰেছীয়ে ৷ দুৰ্গোৎসৱৰ পঞ্চমীৰ দিনাৰ পৰা এতিয়ালৈকে কাছাৰৰ দিগৰখাল হৈ বাংলাদেশলৈ পাৰ হৈছে 200 খন কয়লা বোজাই ট্ৰাক ৷ কয়লা ছিণ্ডিকেটক লৈ ৰাজ্য তোলপাৰ লগাৰ পিচত যোৱা কেইদিনমান অসম-মেঘালয়ৰ সীমান্তৱৰ্তী দিগৰখালৰ কয়লা ছিণ্ডিকেট বন্ধ আছিল যদিও আকৌ আৰম্ভ হৈছে এই অবৈধ বেহা ৷ বৰাকৰ একাংশ যুৱ কংগ্ৰেছীয়ে উত্থাপন কৰিছে এই অভিযোগ ৷

কয়লা ছিণ্ডিকেট সন্দৰ্ভত সৰৱ কাছাৰৰ যুৱ কংগ্ৰেছী

জানিব পৰা মতে, এজন প্ৰভাৱশালী মন্ত্ৰীৰ লগত ৰাজধানী এক্সপ্ৰেছত সাক্ষাৎ হোৱাৰ পিচত সেউজ সংকেত পাই আকৌ আৰম্ভ কৰা হৈছে কাছাৰৰ এই কয়লা ছিণ্ডিকেট ৷ উল্লেখযোগ্য যে,এই কয়লা ছিণ্ডিকেটৰ টকা সংগ্ৰহ আৰু বিভিন্ন দিশ চোৱা-চিতাৰ দায়িত্বত আছে কালাইন আৰু মাছিমপুৰৰ দুজন যুৱক ৷

কাছাৰৰ যুৱ কংগ্ৰেছীয়ে এই অবৈধ কয়লা ছিণ্ডিকেট সন্দৰ্ভত প্ৰশাসনক ভূমিকা ল'বলৈ অনুৰোধ জনাইছে ৷

Intro:News Silchar
মা দুৰ্গাৰ আৰ্শীবাদ লৈ পুনৰ আৰম্ভ হল কাছাৰৰ কয়লা ছিন্ডিকেট ৷ কাছাৰৰ দিগৰখালত কয়লা ছিন্ডিকেটৰ দ্বিতীয় ইনিংছ আৰম্ভ ৷ নেতৃত্বত কয়লা মাফিয়া ,আৰক্ষী সহ বহু ৰাজনৈতিক নেতা পালিনেতা সকল ৷ Body:
হয় কাছাৰ জিলাৰ দিগৰখালৰ কয়লা ছিন্ডিকেট যেন বন্ধ হোৱাৰ নাম ন লয় ৷ আকৌ আৰম্ভ হল মেঘালয়ৰ পৰা দিগৰখাল হৈ ট্ৰাকে ট্ৰাকে কয়লা পাচাৰৰ দ্বিতীয় ইনিংছ ৷ পঞ্চমিৰ দিনাই মা দুৰ্গাৰ আৰ্শীবাদ লৈ আৰম্ভ হল ছিন্ডিকেটৰ দ্বিতীয় ইনিংছ ৷ এতিয়া লৈকে দিগৰখাল হৈ বাংলাদেশীত পাচাৰ হল প্ৰায় ২০০ খন কয়লা বোঝাই ট্ৰাক ৷ আৰু প্ৰতিখন ট্ৰাক পৰা ৬০ পৰা ৭০ হাজাৰ টকা সংগ্ৰহ কৰি ট্ৰাক পাচাৰ কৰিলে ছিন্ডিকেট চক্ৰয় ৷

কয়লা ছিন্ডিকেট লৈ ৰাজ্য তোলপাৰ লগাৰ পিচত যোৱা "কেইদিন অসম - মেঘালয়ৰ সীমান্তৱৰ্তী দিগৰখালৰ কয়লা ছিন্ডিকেট বন্ধ আছিল যদিও আকৌ আৰম্ভ হল এই অবৈধ বেহা ৷ জানিব পৰা মতে আগৰ ছিন্ডিকেট চক্ৰয় পুনৰ আৰম্ভ কৰিছে এই কয়লাৰ ছিন্ডিকেট ৷ আৰু পঞ্চমীৰ দিনাৰ পৰা এতিয়া লৈকে শ শ অবৈধ কয়লা বোজাই ট্ৰাক বাংলাদেশ সহ বিভিন্ন প্ৰান্তত পাচাৰ হৈছে ৷ সূত্ৰৰৰ মতে বিজেপিৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ লগত ৰাজধানী এক্সপ্ৰেছত মিটিং হোৱাৰ পিচত Green Signal পাই আকৌ আৰম্ভ হৈছে কাছাৰৰ এই কয়লা ছিন্ডিকেট ৷ আৰু এই কয়লা ছিন্ডিকেটৰ টকা কালেকচন আৰু বিভিন্ন দিক মেনেজ ওৰ দ্বায়িত্ব আছে কালাইন আৰু মাছিমপুৰৰ দুজন যুবক ৷ এই দুজন যুবকেই এতিয়া দিগৰখালৰ এই কয়লা ছিন্ডিকেটৰ দ্বায়িত্ব বাৰ গ্ৰহণ কৰিছে ৷ আমি শীঘ্ৰেই ফাদিল কৰিম যুবক দুজনৰ আছল পৰিচয় সহ আৰু বহু ন ন তথ্য ৷Conclusion:এতিয়া চাবলৈ আছে প্ৰশাসনে কি বা পদক্ষেপ লয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.