ETV Bharat / city

সমাগত ৰঙালী বিহু: জাপি বনোৱাত ব্যস্ত নলবাৰীৰ জাপি শিল্পী

author img

By

Published : Mar 30, 2022, 10:39 PM IST

সমাগত ৰঙালী বিহু । বিহুৰ প্ৰাকঃক্ষণত জাঁপি বনোৱাত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ জাপি শিল্পীসকল (Traditional artistes are busy making japi) । নলবাৰী জিলাটো জাপি শিল্পীসকলৰ মাজত এতিয়া ভীষণ ব্যস্ততা ।

Traditional artistes are busy making japi on the occasion of Rangali Bihu

নলবাৰী,৩০ মাৰ্চ: আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত ৷ নাচনিৰ খোপাত গুজি দিবলৈ কপৌ ফুলো ফুলিল ৷ সেউজ প্ৰকৃতিৰ মাজত এতিয়া চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি ৷ নাচনিয়েও ঢোলৰ চেঁৱত নাচিবলৈ সাজু ৷ নলবাৰীত জাপি শিল্পীও ব্যস্ত হৈ পৰিছে জাপি প্ৰস্তুত কৰাত (Traditional artistes are busy making japi) ।

উল্লেখযোগ্য যে জাপিক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় ৷ ৰঙালী বিহুৰ সময়ত বিশেষ সমাদৰ পায় নলবাৰীৰ ফুলাম জাপি ৷ এই সমাদৃত ফুলাম জাপি তৈয়াৰ কৰাত এতিয়া ব্যস্ত নলবাৰীৰ কেইবাখনো গাঁৱৰ জাপি শিল্পী । বিহুৰ মঞ্চ শুৱনি কৰাৰ লগতে সম্বধৰ্ণা জনোৱাৰ বাবে ব্যৱহাৰ হয় এইসমূহ ফুলাম জাপি ৷

জিলাখনৰ তিলানা, মুগকুচি, জাপাৰকুছি, দিঘেলী ,সুতাৰকুচি গাঁৱত সৰ্বাধিক জাপি তৈয়াৰ কৰা হয় ৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত এই পাঁচখন গাঁৱৰ পুৰুষ-মহিলাই দিনে-নিশাই ফুলাম জাপি বনোৱাত ব্যস্ত হৈ পৰে (Bamboo and cane culture of Assam) ৷ বিগত বছৰসমূহৰ দৰে ৰঙালী বিহুৰ প্ৰাকমূহুৰ্তত এইবাৰো এই পাঁচখনকৈ গাঁৱৰ প্ৰায় ১৫০ টা পৰিয়ালে তৈয়াৰ কৰিছে ৫০ হাজাৰতকৈও অধিক ফুলাম জাপি (Assamese Japi industry) ৷

সমাগত ৰঙালী বিহু: জাপি বনোৱাত ব্যস্ত নলবাৰীৰ জাপি শিল্পী

এই জাপিসমূহ নলবাৰী লগতে গুৱাহাটীৰ উপৰি অসমৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰা হয় ৷ নলবাৰীৰ এই গাঁও কেইখনৰ লোকসকলে কেইবা দশক ধৰি বংশানুক্ৰমে জাপি বনোৱা শিল্পৰ লগত জড়িত হৈ আছে ৷ বাঁহ, টকৌপাত, সুতা, কাপোৰ, চুমকি আদিৰে বিভিন্ন ডিজাইনৰ ফুলাম জাপিৰ লগতে কৃষকৰ বাবে হালোৱা জাপিও তৈয়াৰ কৰে নলবাৰীৰ এই শিল্পীসকলে ৷

যুগ যুগ ধৰি অসমীয়া জাতীয় জীৱনৰ ঐতিহ্য জাপিশিল্পৰ লগত জড়িত হৈ থকাৰ পিছটো এই শিল্পীসকল বঞ্চিত হৈ আছে ৰজাঘৰীয়া কৃপাদৃষ্টিৰ পৰা ৷ আনহাতে দুটা বছৰ কভিদৰ বাবে বন্ধ আছিল জাপি শিল্পৰ কাম । শেহতীয়া কৈ কোভিদ শাম কটাত উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে শিল্পী সকলৰ মাজত ।

আনহাতে এইবাৰ যথেষ্ট কাম বৃদ্ধি পাইছে শিল্পীৰ । তথাপিও ৰজাঘৰীয়াই শিল্পীক আজিও বঞ্চিত কৰি ৰাখিছে । অসমীয়াৰ জাতীয় জীৱনৰ ঐতিহ্যৰ লগত জড়িত এইসকল শিল্পীৰ ওপৰত কেতিয়া কৃপাদৃষ্টি পৰিব চৰকাৰৰ ? নে সময়ৰ সোঁতত নোহোৱা হৈ পৰিব এই জাপি শিল্প ? সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: "অসমীয়া"ৰ সংজ্ঞা নিৰূপণ চৰকাৰে কৰিবই: বিধানসভাত ক'লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.