ETV Bharat / city

গাঁৱবুঢ়ালৈ স্মাৰ্টফোন প্ৰদানৰ শুভাৰম্ভণি নলবাৰীৰ উপায়ুক্তৰ - নলবাৰী জিলাত সাতটা ৰাজহ চক্ৰ

গাঁৱবুঢ়াসকলকো তেওঁলোকৰ কাম-কাজ ত্বৰান্বিত কৰাৰ বাবে যেনে বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগৰ খবৰ বা নিজৰ এলেকাৰ ভিতৰত থকা যিকোনো তথ্য ম'বাইলৰ জৰিয়তে সৰবৰাহ কৰিব পৰাকৈ চৰকাৰে স্মাৰ্টফোন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে । নলবাৰী জিলাত গাঁৱবুঢ়াসকলক স্মাৰ্টফোন দিয়া কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ নলবাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত চক্ৰ বিষয়া বনশ্ৰী ডেকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰি এইদৰে গাঁৱবুঢ়াসকলক স্মাৰ্টফোন বিতৰণ কৰা হয় ।

গাঁৱবুঢ়ালৈ স্মাৰ্টফোন প্ৰদানৰ শুভাৰম্ভণি নলবাৰীৰ উপায়ুক্তৰ

author img

By

Published : Jun 12, 2020, 7:35 PM IST

নলবাৰী, 12 জুন : গাঁৱবুঢ়ালৈ স্মাৰ্টফোন প্ৰদানৰ শুভাৰম্ভণি নলবাৰী জিলা উপায়ুক্তৰ । সমগ্ৰ বিশ্বৰ তথ্য লাভ কৰিব পৰা স্মাৰ্টফোন এটা নহ'লে বহু কামেই কৰিব পৰা নাযায় । ফোনৰ জৰিয়তে কথা পতাৰ উপৰিও ফটো তোলা, বিভিন্ন তথ্য-পাতি সংৰক্ষণ আৰু সৰবৰাহ, টৰ্চৰ সুবিধা আদি একেটা স্মাৰ্টফোনতে উপলব্ধ থাকে । তদুপৰি ৱাটচএপ, ই-মেইল আদি কৰাৰ উপৰিও ফেচবুক, টুইটাৰৰ জৰিয়তে প্ৰতিমূহুৰ্তৰ খবৰ পোৱা, ইন্টাৰনেটৰ সহায়ত গুগলৰ জৰিয়তে বিশ্বৰ জ্ঞান লাভ কৰাটোও এতিয়া সহজ হৈ পৰিছে একমাত্ৰ স্মাৰ্টফোনৰ বাবে । গতিকে ব্যক্তিগতভাৱে স্মাৰ্টফোন কিনি ব্যৱহাৰ কৰাৰ বাহিৰেও চৰকাৰীভাৱেও বিভিন্ন কামৰ বাবে বহু বিষয়া-কৰ্মচাৰীক স্মাৰ্টফোন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ।

গাঁৱবুঢ়াসকলকো তেওঁলোকৰ কাম-কাজ ত্বৰান্বিত কৰাৰ বাবে যেনে বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগৰ খবৰ বা নিজৰ এলেকাৰ ভিতৰত থকা যিকোনো তথ্য ম'বাইলৰ জৰিয়তে সৰবৰাহ কৰিব পৰাকৈ চৰকাৰে স্মাৰ্টফোন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে । নলবাৰী জিলাত গাঁৱবুঢ়াসকলক স্মাৰ্টফোন দিয়া কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ নলবাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত চক্ৰ বিষয়া বনশ্ৰী ডেকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰি এইদৰে গাঁৱবুঢ়াসকলক স্মাৰ্টফোন বিতৰণ কৰা হয় ।

গাঁৱবুঢ়াসকলক স্মাৰ্টফোন প্ৰদান কৰা সভাত উপায়ুক্তগৰাকীয়ে স্মাৰ্টফোনৰ ব্যৱহাৰৰ বিষয়ত আলোকপাত কৰে । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত (ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা) ফিৰডৌচ আলম শ্বেইখ, চক্ৰ বিষয়া (সংলগ্ন) ৰীতুপৰ্ণা ভাদ্ৰা আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আন বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে । নলবাৰী জিলাত সাতটা ৰাজহ চক্ৰত কৰ্মৰত গাঁওবুঢ়া মুঠ 320জন আছে আৰু সকলো গাঁৱবুঢ়াকে একোটাকৈ স্মাৰ্টফোন পৰ্যায়ক্ৰমে প্ৰদান কৰা হ'ব ।

লগতে পঢ়কঃ দিনৰ পোহৰতে নুনমাটিত নৃংশস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.