ETV Bharat / city

নলবাৰীত কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন বিধায়ক অশোক শৰ্মাৰ

author img

By

Published : May 16, 2020, 6:28 PM IST

নলবাৰী জিলা প্ৰশাসনে,ক'ত ক'ত কৰিছে কোৱাৰেন্টাইনৰ ব্যৱস্থা, স্বাস্থ্য,খাদ্য,নিৰাপত্তাকে ধৰি বিভিন্ন দিশ বুজ লয় বিধায়ক অশোক শৰ্মাই ৷ বহিঃৰাজ্যৰ পৰা ওভতি অহা নলবাৰীৰ লোক সকলৰ বাবে ১৮ টাকৈ স্থানত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷

ETV BHARAT
নলবাৰীত কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন বিধায়ক অশোক শৰ্মাৰ

নলবাৰী, 16 মেঃ নলবাৰীত কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ উদ্দেশ্যে উপস্থিত বিধায়ক অশোক শৰ্মা ৷ বিধায়ক অশোক শৰ্মাক সংগ দিয়ে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷

কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ উদ্দেশ্যে নলবাৰীত উপস্থিত হয় বিধায়ক অশোক শৰ্মা ৷ ইতিমধ্যে চৰকাৰ তথা ৰে'ল বিভাগে বহিঃৰাজ্যৰ পৰা আবদ্ধ হৈ থকা লোক সকলক ওভতাই অনাৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে বহিঃৰাজ্যৰ পৰা বহু লোক ওভতি আহিবলৈ সক্ষম হৈছে ৷ তাৰোপৰি এতিয়াও বহু লোক আহিবলৈ বাকী আছে ৷ কিন্তু ওভতি অহা লোক সকলক ক'ত ক'ত ৰাখিব জিলা প্ৰশাসনে,ক'ত ক'ত কৰিছে কোৱাৰেন্টাইনৰ ব্যৱস্থা. স্বাস্থ্য,খাদ্য,নিৰাপত্তাকে ধৰি বিভিন্ন দিশ বুজ লয় বিধায়ক অশোক শৰ্মাই ৷ বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে, নলবাৰী জিলা প্ৰশাসনে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোক সকল ওভতি অহাৰ পিছত তেওঁলোকক ৰাখিবলৈ নলবাৰীত ১৮ টাকৈ স্থানত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷ ইয়াৰ ভিতৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়তো স্থাপন কৰা হ'ব কোৱাৰেন্টাইন চেন্টাৰ ৷ শনিবাৰে নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে স্থানীয় বিধায়ক অশোক শৰ্মাৰ সৈতে পৰিদৰ্শন কৰিলে বিশ্ববিদ্যালয়ৰ চৌহদ ৷ বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোক সকলক ৰাখিবলৈ প্ৰস্তুতি চলোৱা সংস্কৃত বিশ্ববিদ্যালয়ৰ শৌচালয়- প্ৰসাৱগাৰ আদিও তন্ন তন্নকৈ পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে ৷ যাতে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা নলবাৰীৰ লোক সকল ওভতি অহাৰ পিছত কোনো অসুবিধা নহয় তাৰ ওপৰত প্ৰতিদিনে নজৰ ৰাখিছে উপায়ুক্ত গৰাকীয়ে ৷ আনহাতে,নলবাৰীৰ একমাত্ৰ স্ত্ৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান MNC কলেজতো স্থাপন কৰা হ'ব কোৱাৰেন্টাইন চেন্টাৰ ৷ অৱশ্যে উক্ত চেন্টাৰটো ছাত্ৰীৰ লগতে মহিলা সকলৰ বাবেহে সংৰক্ষিত কৰা হৈছে বুলি সদৰি কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক- মঙলদৈ তৰণি সংঘৰ অচলাৱস্থা, সাহাৰ্যৰ বাবে অনুৰোধ চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.