ETV Bharat / city

ফোন টেপিং কংগ্ৰেছৰ সংস্কৃতি : বিধায়ক জয়ন্ত মল্ল বৰুৱা - নলবাৰীত ICUৰ শুভ উদ্বোধন

ফোন টেপিং সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য়ৰ বিপৰীতে সৰৱ হৈ পৰিল নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা (MLA Jayanta Malla Baruah react on phone tapping issue) ৷ নলবাৰী চহৰস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ICU কক্ষৰ উদ্বোধন (ICU beds inaugurated at Swahid Mukunda Kakati Civil Hospital) কৰাৰ পাচতেই ফোন টেপিঙৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷

bjp-mla-jayanta-mallabaruah-criticize-congress-at-nalbari
ICU ৰ শুভ উদ্বোধন
author img

By

Published : Jan 23, 2022, 10:07 AM IST

নলবাৰী, 23 জানুৱাৰী : বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য়ৰ বিপৰীতে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা (MLA Jayanta Mallabaruah criticize Debabrat Saikia) ৷ শনিবাৰে চহৰখনৰ মাজমজিয়াস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 15 খন বিচনাযুক্ত ICU কক্ষ মুকলি অনুষ্ঠানত উপস্থিত থাকি ফোন টেপিঙৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ফোন টেপিঙৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত ফোন টেপিং কংগ্ৰেছৰ সংস্কৃতি বুলি কটাক্ষ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ পূৰ্বৰ কংগ্ৰেছ নেতাগৰাকীয়ে বিসম্বাদৰ সময়ত দলটোৰ সকলোৰে ফোন টেপিং কৰা হৈছিল বুলি বিস্ফোৰক মন্তব্য কৰে ৷

ফোন টেপিঙৰ প্ৰসংগত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া

যাৰ বাবে বিজেপি চৰকাৰে ফোন টেপিং কৰে বুলি বিৰোধী দলে মন্তব্য কৰা বুলি বিধায়কগৰাকীয়ে সদৰী কৰে ৷ অকল সন্ত্ৰাসবাদী বা আইনসংগত প্ৰয়োজন থাকিলেহে বিজেপিয়ে ফোন টেপিং কৰিব ৷ তদুপৰি বিৰোধী দলৰ কোনো সদস্যৰে বিজেপিয়ে কেতিয়াও ফোন টেপিং নকৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই (MLA Jayanta Malla Baruah react on phone tapping issue) ৷

চিকিৎসালয়খনৰ এই অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, জিলা উপায়ুক্ত গীতিমণি ফুকনৰ লগতে চিকিৎসকৰ এটা দল ৷

লগতে পঢ়ক : কাকী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.