ETV Bharat / city

শীঘ্ৰেই বিটিআৰত আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া - Grade III and IV posts vacancies in BTR

বিটিআৰত শীঘ্ৰেই তিনি সহস্ৰাধিক তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব(Grade III and IV posts vacancies in BTR) ৷ বুধবাৰে এক সংবাদমেলযোগে এই বিষয়ে সদৰি কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নিলুৎ স্বৰ্গীয়াৰী আৰু মাধৱ ছেত্ৰীয়ে (Press Meet in BTR)৷ ৰাজ্য চৰকাৰে তৃতীয়-চতুৰ্থ বৰ্গৰ লিখিত সাক্ষাৎকাৰ অনুষ্ঠিত কৰাক লৈ বিৰোধী পক্ষই বিটিআৰৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ ক্ষমতা কৰ্তন কৰা হৈছে বুলি বিভিন্ন অপপ্ৰচাৰ চলোৱা কাৰ্যৰ ওপৰতো সংবাদমেলখনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিআৰৰ কাৰ্যবাহী আৰু পাৰিষদগৰাকীয়ে ৷

Grade III and IV posts vacancies in BTR
শীঘ্ৰেই বিটিআৰত আৰম্ভ হব নিযুক্তি প্ৰক্ৰিয়া
author img

By

Published : Aug 25, 2022, 12:11 PM IST

কোকৰাঝাৰ, ২৪ আগষ্ট: বিটিআৰৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ ৷ ৰাজ্য চৰকাৰৰ লেখীয়াকৈ বিটিআৰতো খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব(Recruitment process In BTR) ৷ বুধবাৰে বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত পৰিষদৰ ৰাজনৈতিক উপদেষ্টা তথা পাৰিষদ মাধৱ ছেত্ৰীয়ে এই বিষয়ে জানিবলৈ দিয়ে ৷ সংবাদমেলত পাৰিষদ গৰাকীয়ে ৰাজ্য চৰকাৰে তৃতীয়-চতুৰ্থ বৰ্গৰ সাক্ষাৎকাৰ বিটিআৰত অনুষ্ঠিত কৰাক লৈ সাধাৰণ ৰাইজৰ মাজত বিৰোধীয়ে অপপ্ৰচাৰ চলাই থকা বুলি মন্তব্য কৰি বিৰোধী পক্ষৰ এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

সংবাদমেলখনত ছেত্ৰীয়ে সদৰি কৰা অনুসৰি বিটিচি চুক্তি মৰ্মে বিটিআৰ এলেকাৰ তৃতীয়- চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ ক্ষমতা বিটিআৰ পৰিষদৰে আছে(BTC agreement) ৷ আগতেও আছিল এতিয়াও আছে ৷ কিন্তু ৰাজ্য চৰকাৰে তৃতীয়-চতুৰ্থ বৰ্গৰ লিখিত সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ লগে লগে ইয়াকে লৈ বিৰোধী পক্ষই বিটিআৰৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ ক্ষমতা কৰ্তন কৰা হৈছে বুলি বিভিন্ন অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ এয়া সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰি বিটিআৰ পৰিষদৰ ৪০ টা বিভাগৰ তৃতীয়-চতুৰ্থ বৰ্গৰ খালী হৈ থকা সাক্ষাৎকাৰ বিটিআৰে পাতিব বুলি উল্লেখ কৰি অপপ্ৰচাৰত ভোল নাযাবলৈ চাকৰি প্ৰত্যাশী সকললৈ আহ্বান জনায় ৷

শীঘ্ৰেই বিটিআৰত আৰম্ভ হব নিযুক্তি প্ৰক্ৰিয়া

ইফালে সংবাদমেলখনত উপস্থিত থকা বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নীলুৎ স্বৰ্গীয়াৰীয়ে কয় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় তিনি সহস্ৰাধিক পদত পৰ্যায়ক্ৰমে নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে(More than 3,000 vacancies গল BTR) ৷

কেন্দ্ৰীয় নিয়োগ বোৰ্ডৰ (Central recruitment board )ৰ দ্বাৰা নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে সাক্ষাৎকাৰ আয়োজন কৰা হ’ব ৷ পূৰ্বতে থকা চেন্ট্ৰল চিলেকচন বোৰ্ডৰ সলনি বিটিআৰ পৰিষদে চিআৰবি গঠন কৰাৰ বাবে ইতিমধ্যে পৰিষদৰ কাৰ্যবাহী সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে স্বৰ্গীয়াৰীয়ে ৷ নিৰ্দেশনা ওলোৱাৰ লগে লগেই বাতৰি কাকতৰ জৰিয়তে চাকৰিৰ বিজ্ঞাপনো মুকলি কৰা হ’ব বুলি সংবাদমেলযোগে উল্লেখ কৰে ৷

বিটিআৰৰ চাকৰি প্ৰত্যাশীসকলে দুয়ো দিশৰ পৰাই লাভান্বিত হ’ব বুলি মন্তব্য প্ৰকাশ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ কিয়নো তেওঁলোকে দুটাকৈ সাক্ষাৎকাৰত অৱতীৰ্ণ হব পাৰিব ৷ সাক্ষাৎকাৰ সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ক্ৰটি কৰা নহব বুলি স্পষ্ট কৰি দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

লগতে পঢ়ক: TET Teachar appoinment : কি পৰ্যায়ত বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.