ETV Bharat / city

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

খাৰুৱা তেলৰ আকাশলঙ্ঘী মুল্যবৃদ্ধিৰ প্ৰতিবাদত নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত এজেওৱাইচিপিৰ প্ৰতিবাদ

author img

By

Published : Jan 30, 2021, 4:13 PM IST

নলবাৰী, ৩০ জানুৱাৰী: দেশত অত্যাৱশ্য়কীয় সামগ্ৰীৰ মূল্য প্ৰতিদিনে বৃদ্ধি পাইছে । অত্যাৱশ্য়কীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক । মূল্যবৃদ্ধিক লৈ চৰকাৰৰ কোনো গুৰুত্ব নাই যদিও দল-সংগঠনসমূহে মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

শনিবাৰে ইয়াৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী । কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এজেৱাইচিপিৰ সদস্যসকলে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত এজেওৱাইচিপিৰ প্ৰতিবাদ

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ব্ৰজেন চৌধুৰীসহ সংগঠনটোৰ নলবাৰী জিলা সমিতি, বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰায় অৰ্ধ শতাধিক কাৰ্যকৰ্তাই দিনৰ ১২ বজাত নলবাৰীৰ এন.টি ৰোডত উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতি শীঘ্ৰে খাৰুৱা তেলৰ দাম নিয়ন্ত্ৰণৰ দাবী জনায় । লগতে অনতিপলমে খাৰুৱা তেলৰ মূল্য হ্ৰাস নকৰিলে ইয়াতকৈও অধিক তীব্ৰ গনতান্ত্ৰিক কাৰ্যসূচী গ্ৰহন কৰিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে ।

যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাঃসম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত ৰূপায়িত উক্ত প্ৰতিবাদী কাৰ্যসূচীত 'ধৰ্মেন্দ্ৰ প্ৰধান হায় হায়', পেট্ৰল- ডিজেলৰ দাম নিয়ন্ত্ৰণ কৰক, খাৰুৱা তেলৰ ওপৰত ৰাজ্য চৰকাৰৰ অতিৰিক্ত কৰ হ্ৰাস কৰক, কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি হায় হায়, আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: অট’ত উঠি অট’ৰিক্সা সন্থাৰ কাৰ্যালয়লৈ যাত্ৰা সাংসদ গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.